কিদাম্বী শ্ৰীকান্ত ভাৰতীয় বেডমিণ্টৰ তাৰকা শ্বাটলাৰ। এইগৰাকী শ্বাটলাৰে কেৰিয়াৰত Lin Dan, Viktor Axelsen আদিৰ দৰে শ্বাটলাৰক পৰাস্ত কৰি এসময়ত চাঞ্চল্য সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও তেওঁ ২০১৬ ৰিঅ’ অলিম্পিকত কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত খেলিবলৈ সক্ষম হৈছিল। আনহাতে ২০১৭ চনত তেওঁ ৰেকৰ্ড সৃষ্টি কৰি চাৰিটা চুপাৰ চিৰিজ টাইটেল নিজৰ নাম কৰাৰ উপৰিও বিশ্ব ক্ৰমত এক নং শ্বাটলাৰ হিচাপে প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল। দুৰ্ভাগ্যজনকভাৱে কেৰিয়াৰে উৰ্ধমুখে গতি কৰাৰ সময়তে আঘাতৰ সমস্যাই জুৰুলা কৰিলে কিদাম্বী শ্ৰীকান্তক। আঠুৰ আঘাতৰ বাবেই তেওঁৰ ৰেংকিং ক্ৰমান্বয়ে তললৈ নামি আহিল।
আঘাতৰ সমস্যাত জুৰুলা হৈ পৰা কিদাম্বীৰ বাবে যেন কৰ’না ভাইৰাছ আৰু ইয়াৰ বাবে লকডাউন ঘোষণা কৰা আদি কাৰ্য আশীৰ্বাদহে হৈ পৰিল। দীৰ্ঘদিন কৰ’নাৰ বাবে ক্ৰীড়া ক্ষেত্ৰ স্থবিৰ হৈ পৰাৰ বাবে তেওঁ নিজকে সুস্থ কৰি তুলিবলৈ যত্ন কৰিলে। যাৰ বাবে তেওঁ পুনৰ ক’ৰ্টলৈ ঘূৰি আহিবলৈ সক্ষম হৈছে।
অলিম্পিক চেনেলৰ আগত শ্ৰীকান্তে কই এইদৰে, মই ভাবোঁ লকডাউনে মোক বাস্তৱিকতে নিজকে সুস্থ কৰি তুলিবলৈ সুযোগ দিলে। মই ভাবোঁ মোৰ আঠু সচাকৈয়ে ভাল হৈছে আৰু মই ভাল, কঠোৰ অনুশীলনৰ বাবে সক্ষম হৈ উঠিছোঁ।
যোৱা অক্টোবৰ মাহত আৰম্ভ হোৱা BWF প্ৰতিযোগিতাৰ জৰিয়তে টুৰ্ণামেণ্টলৈ উভতি আহিছে। ডেনমাৰ্ক অপেনত তেওঁ কোৱাৰ্টাৰ ফাইনেলত চীনৰ Chou Tien Chen ৰ হাতত পৰাস্ত হ’বলগীয়া হয়।
ইয়াৰ পিছত বৰ্তমান তেওঁ থাইলেণ্ডত হ’বলগীয়া BWF ৱৰ্ল্ড টুৰৰ বাবে নিজৰ প্ৰস্তুতি চলাই আছে। তেওঁ এই প্ৰসংগত কয় যে, মই ভাবোঁ মই বাস্তৱিকতে শাৰিৰীকভাৱে আৰু অধিক শক্তিশালী হৈ উঠিব পাৰোঁ। এই সময়ত শাৰীৰিকভাৱে সম্পূৰ্ণ ফিট হৈ উঠিছোঁ। যেতিয়া মই নিজৰ ফালৰ পৰা সম্পূৰ্ণৰূপে১০০% উজাৰি খেলিম তেতিয়া অলিম্পিকৰ বাবে ভাবিম। মই চিন্তা কৰিম তেতিয়া। যেতিয়া মই মোৰ শীৰ্ষ পৰ্যায়ত উপনীত হম তেতিয়া মোৰ হাতত নিশ্চিতভাৱে বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ লগত খেলাৰ সুন্দৰ সুযোগ লাভ কৰিম।