লখিমপুৰত হাতীলোং ফুটবল ক’চিং চেন্টাৰৰ ড্ৰীম লীগ
অলিম্পিয়া প্ৰতিবেদন: নতুন প্ৰতিভাৰ সন্ধানত লখিমপুৰৰ হাতীলোং ফুটবল ক’চিং চেন্টাৰৰ উদ্যোগত অহা ১২ জুনৰ পৰা আৰম্ভ হ’ব আই এছ এলৰ আৰ্হিত হাতীলোং ফুটবল ক’চিং চেন্টাৰ ড্ৰীম লীগ ছিজন -১ । আকৰ্ষণীয় প্ৰাইজমানিৰ ১৫ বছৰ অনূৰ্ধ্ব উক্ত লীগত অংশগ্ৰহণ কৰিব ৭ টা দলে । এই লীগত অংশগ্ৰহণ কৰিবলগীয়া ৭ টা দলৰ প্ৰস্তুতি প্ৰায় দুমাহ ধৰি ৭ স্থানত চলি আছে ।
এই লীগৰ জড়িয়তে নতুন প্ৰজন্মৰ খেলুৱৈসকলক ফুটবলৰ প্ৰতি উৎসাহিত কৰাৰ লগতে উক্ত লীগ খনৰ পৰাই ৩০ জন চেমনীয়া খেলুৱৈ নিৰ্বাচিত কৰি হাতীলোং ফুটবল কচিং চেন্টাৰৰ দ্বাৰা উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব । হাতীলোং ফুটবল ক’চিং চেন্টাৰৰ সম্পাদক দিপাংকৰ তামুলী ফুকনে এইকথা জানিবলৈ দিছে ।
অংশগ্ৰহণকাৰী দল সমূহ হল— জে কে ইউনাইটেড ফাইটাৰ্ছ, আৰ এম এছ ৰাংচালী, উলুবাৰী ইউনাইটেড, হাতীলোং জুনিয়ৰ, মাজগাঁও জুনিয়ৰ ষ্টাৰ, দিখৌমুখীয়া ডাইনামোজ, বামুণদলনী ব্লুজ । উদীয়মান প্ৰজন্মক তৃণমূলৰ পৰাই ফুটবল দক্ষতা বিকাশৰ লক্ষ্যৰে আয়োজন কৰা ড্ৰীম লীগত লখিমপুৰ জিলাৰ সমূহ ক্ৰীড়াপ্ৰেমীৰ সহযোগিতা আৰু উপস্থিতি হাতীলোং ফুটবল ক’চিং চেন্টাৰে কামনা কৰিছে ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
ড্ৰীম লীগ ছিজন- ১ ৰ বাবে সাজু হৈ উঠিছে ১০ গৰাকী ৰেফাৰী । তেওঁলোক হ’ল — দুষ্মন্ত মৰাং, কুমাৰ দাদিলাচ দাস, তনয়া দলে, দীপাংকৰ টায়ে, প্ৰিয়ম প্ৰীতি ডেকা, বেবী জ্যোতি হাজৰিকা, গৌৰৱ গগৈ, জিতুপ্ৰণ মিলি, দীপাংকৰ শইকীয়া আৰু গুণীন গগৈ । ইয়াৰ ভিতৰত দুগৰাকী মহিলা ৰেফাৰীও আছে । তেওঁলোক হ’ল তনয়া দলে আৰু বেবী জ্যোতি হাজৰিকা ।
লীগৰ দলসমূহৰ প্ৰশিক্ষক আৰু মেনেজাৰসকল হ’ল ক্ৰমে ১. হিমেন বাৰাইক আৰু গোপাল কুমী, ( জে কে ইউনাইটেড ফাইটাৰ্ছ), ২. প্ৰণৱ জ্যোতি পেগু আৰু দিগন্ত সোনোৱাল (হাতীলোং জুনিয়ৰ), ৩. চাহিদুল ইছলাম আৰু ইমানুৱেল ভেংৰা (আৰ এম এছ ৰাংচালী), ৪. চুবিদ ধান আৰু মিথাইল হৰ (উলুবাৰী ইউনাইটেড), ৫. দিনমনি পাৱে আৰু ইন্দ্ৰজিৎ টায়েগাম (বামুনদলনি ব্লুজ), ৬. জিন্টু টায়েগাম আৰু দৰ্পণ মৰাং ( দিখৌ মুখীয়া ডাইনামোজ,) ৭. ইন্দ্ৰজিৎ দুৱৰা আৰু বিবেক গোহাঁই (মাজগাঁও জুনিয়ৰ ষ্টাৰ) ।