Tuesday, October 4, 2022
HomeNewsলতাশিল খেলপথাৰত তিনিটাকৈ ক্ৰিকেট কচিং চেন্টাৰৰ অনুশীলন

লতাশিল খেলপথাৰত তিনিটাকৈ ক্ৰিকেট কচিং চেন্টাৰৰ অনুশীলন

অলিম্পিয়া প্ৰতিবেদন

লতাশিল খেলপথাৰত ক্ৰিকেটৰ অনুশীলন । এজাক উদীয়মান প্ৰতিভাৰ বেট-বলত জীপাল খেলপথাৰ । সকলোৰে এজন সফল ক্ৰিকেটাৰ হোৱাৰ সপোন ।

গুৱাহাটীত অৱস্থিত ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত নিতৌ চলে ক্ৰিকেটৰ অনুশীলন । লতাশিল প্লে গ্ৰাউণ্ড ডেভলপমেন্ট কমিটিৰ তত্বাৱধানত থকা খেলপথাৰখনত ৰিভাৰৰাইন, অংকুৰ জ্যোতি আৰু লতাশিল ক্ৰিকেট চেন্টাৰে কৰি গৈছে অনুশীলন । লতাশিলত অনুশীলন কৰা কচিং চেন্টাৰৰ কথাৰে অলিম্পিয়া স্পৰ্টছৰ বিশেষ প্ৰতিবেদন ।

ৰিভাৰ ৰাইন ক্লাবৰ জন্ম হৈছিল ১৯৮০ চনত । আনুষ্ঠানিকভাৱে এই ক্ৰিকেট চেন্টাৰৰ অনুশীলন আৰম্ভ হৈছিল ১৯৯৮ চনৰ পৰা । মাত্ৰ ৩/৪ জন খেলুৱৈক লৈ আৰম্ভ কৰা কচিং চেন্টাৰটোৰ পৰা সময়ে সময়ে ওলাই হৈছে বহু নামজ্বলা ক্ৰিকেটাৰ । বিপ্লৱ শইকীয়া, মন্টু দাস আদি তাৰেই উৎকৃষ্ট উদাহৰণ । এই কচিং চেন্টাৰৰ প্ৰশিক্ষকৰ দায়িত্বত আছে এন আই এছ প্ৰশিক্ষক ৰঞ্জিত শৰ্মা, সুমিত নাথ, ধীৰাজ দাস আৰু কাশ্বিম আলী ।

ইফালে, অংকুৰ জ্যোতি কচিং চেন্টাৰ ১৯৮২ তে আৰম্ভ হলেও বিভিন্ন কাৰণত অনুশীলন মাজতে বন্ধ হৈ পৰিছিল । আকৌ ২০১৬ চনৰ পৰা পুনৰ আৰম্ভ হৈছে অনুশীলন । জুনিয়ৰত ২৫/৩০ জন, ছিনিয়ৰতো আছে প্ৰায় ২০/২৫ জন খেলুৱৈ ।
অংকুৰজ্যোতি কচিং চেন্টাৰত ক্লাব চেক্ৰেটেৰী বাবুল চৌধুৰীৰ তত্বাৱধানত গঠিত এই কচিং চেন্টাৰত বৰ্তমান কেইবাগৰাকীও প্ৰশিক্ষকে দি গৈছে প্ৰশিক্ষণ । প্ৰশিক্ষক সকল হ’ল– ৰাজু কলিতা, পলাশজ্যোতি দাস, উৎপল চৌধুৰী ।

অংকুৰ জ্যোতি কচিং চেন্টাৰত ক্ৰিকেটৰ আদিপাঠ গ্ৰহণ কৰি ৰঞ্জি খেলিছে কেইবাগৰাকীও খেলুৱৈয়ে । ইয়াৰ ভিতৰত মণিপুৰৰ এল কৃষ্ণন সিং, বিকাশ সিং অন্যতম ।অসমৰ পৰা ২৫ বছৰ অনূৰ্দ্ধত আবিৰ চক্ৰৱৰ্তী, ৰামিজ ৰাম্বানি, বিপ্লৱ শইকীয়াই দেখুৱাইছে পাৰদৰ্শিতা । ওলাইছে বহু জিলাভিত্তিক খেলুৱৈ । এই সন্দৰ্ভত জনালে অংকুৰজ্যোতি ক্ৰিকেট কচিং চেন্টাৰৰ প্ৰশিক্ষক ৰাজু কলিতাই ।

অসম ক্ৰিকেট সন্থাই তেওঁলোকক দুবছৰ পূৰ্বে দিছিল বলিং মেচিন । কিন্তু বিদুৎ যোগাযোগৰ অভাৱত ব্যৱহাৰ কৰিব পৰা ক্ৰিকেটাৰসকলে ।

আই পি এলত বৰ্তমান ৰাজস্থান ৰয়েলছৰ হৈ খেলা ৰিয়ান পৰাগে এই লতাশিল খেলপথাৰত ক্ৰিকেটৰ বেট স্পৰ্শ কৰিছিল বুলি জনালে প্ৰশিক্ষক ধীৰাজ কুমাৰ দাসে ।

সফল ক্ৰিকেটাৰ হোৱাৰ সপোন বুকুত বান্ধি দৈনিক অনুশীলনত ব্যস্ত হয় কচিং চেন্টাৰসমূহৰ উদীয়মান খেলুৱৈ । ধোনীক অনুসৰণ কৰি ভৱিষ্যতে কোনোবাজনৰ ইচ্ছা ভাৰতীয় দলৰ হৈ খেলা ।

পিছে এনে এখন খেলপথাৰ থকাৰ পাছতো কিছু অভাৱৰ সন্মুখীন হৈছে ক্ৰিকেটাৰসকল । বৰষুণ দিলে জমা হয় পানী । তদুপৰি উৎসৱ পাৰ্বণত খেলপথাৰখন ব্যৱহাৰ কৰাৰ বাবে অনুশীলন স্তব্ধ হৈ পৰে তেওঁলোকৰ । এই সন্দৰ্ভত প্ৰশিক্ষক নৱজিৎ কৌশকে কৰিছে মন্তব্য ।

কেতিয়াবা খেলপথাৰখন বাহিৰা মানুহে ব্যৱহাৰ কৰাৰ বাবে লিপ্ত হ’ব লগা তৰ্কাতকিত । সকলো অসুবিধাক প্ৰত্যাহ্বান জনাই সকলোৰে লগত মিলিজুলি কৰিব লগা হয় অনুশীলন ।

লতাশিল খেলপথাৰখন ৰাজহুৱা হোৱাৰ বাবে কচিং চেন্টাৰে স্থায়ীভাৱে কোনো ব্যৱস্থাও কৰিবলৈ অপাৰগ । তদুপৰি বয়স বাঢ়ি গলে পৰ্যাপ্ত আন্তঃগাঁঠনি নথকাৰ বাবে অন্য কচিং চেন্টাৰলৈ যাবলৈ বাধ্য হয় খেলুৱৈসকল । তথাপি কণ-কণ ল’ৰা- ছোৱালীক লৈ খেলুৱৈৰ সৃষ্টিৰ খেতি কৰে বুলি জনালে প্ৰশিক্ষক ধীৰাজ কুমাৰ দাসে ।

প্ৰশিক্ষসকলৰ আহ্বান– খেলুৱৈসকলৰ সুবিধা হোৱাকৈ গুৱাহাটীৰ প্ৰতি প্ৰান্তত হওক খেলপথাৰ ।সেয়া লাগিলে ক্ৰিকেটৰ বাবেই হওক বা ফুটবলৰ বাবেই হওক । তেতিয়াহে প্ৰকৃতাৰ্থত সৃষ্টি হ’ব প্ৰতিভাৱান খেলুৱৈৰ । চৰকাৰলৈ সৰু-বৰ খেলপথাৰ সৃষ্টিৰ জনালে আহ্বান ।

ক্ৰীড়া অনুৰাগীৰ আশা — লতাশিল খেলপথাৰখন খেলুৱৈসকলে ব্যৱহাৰ কৰিব পৰাকৈ উপযুক্ত হৈ উঠক । পৰ্যাপ্ত আন্তঃগাঁঠনি অবিহনে ক্ৰিকেট কচিং চেন্টাৰসমূহে যিদৰে খেলুৱৈ সৃষ্টিৰ স্বাৰ্থত কষ্ট স্বীকাৰ কৰিছে, সেয়া শলাগিবলগীয়া । চৰকাৰৰ সদিচ্ছাত হৈ উঠিব সকলো সম্ভৱ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 + seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments