অলিম্পিয়া প্ৰতিবেদন
পুনৰ বক্সিং ৰিঙত অসম গৌৰৱ লাভলীনা বৰগোঁহাই । সমুখ সমৰত গুৱাহাটী টাউন ক্লাবৰ সম্পাদক দেৱজিৎ শইকীয়া । নতুনকৈ উদ্বোধন কৰা জিটিচি বক্সিং চেন্টাৰৰ ৰিঙত বজ্ৰমুঠিৰে প্ৰহাৰ কৰিছে লাভলীনাই ।
এই দৃশ্য শুক্ৰবাৰ, ১৭ জুনৰ । গুৱাহাটী টাউন ক্লাবৰ উদ্যোগত উদ্বোধন কৰা হ’ল নৱনিৰ্মিত জিটিচি বক্সিং চেন্টাৰ । বক্সিং চেন্টাৰটো উদ্বোধন কৰিলে অসমগৌৰৱ লাভলীনা বৰগোঁহায়ে । চেন্টাৰটো উদ্বোধন কৰাৰ পাছতেই এইদৰে খেলুৱৈসকলৰ সৈতে দেখা গ’ল অলিম্পিয়ানগৰাকীক ।
বিগত সময়ত গুৱাহাটী টাউন ক্লাবে অসমত ক্ৰীড়াৰ বিকাশৰ বাবে বিভিন্ন কাম কৰি আহিছে । জন্ম হৈছে বহু ফুটবলাৰ তথা ক্ৰিকেটাৰৰ । এইবাৰ বক্সিঙৰ জৰিয়তে এক নতুন মাত্রা দিব বিছাৰিছে গুৱাহাটী টাউন ক্লাবে। সেই উদ্দেশ্যে আগত ৰাখি গুৱাহাটী টাউন ক্লাবে নিৰ্মাণ কৰি উলিয়ালে অত্যাধুনিক বক্সিং ৰিং । শুক্ৰবাৰে জিটিচি বক্সিং চেন্টাৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী টাউন ক্লাবৰ সম্পাদক দেৱজিৎ শইকীয়া, জ্যেষ্ঠ উপ- সভাপতি শংকৰ দত্ত লহকৰ, সৰ্বভাৰতীয় বক্সিং ফেডাৰেচনৰ সম্পাদক হেমন্ত কলিতা, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মনজিৎ ভূঞা আদি বিশিষ্ট ব্যক্তিসকল ।
এজন বক্সাৰক সৰ্বাংগীন উন্নতিৰ বাবে যিখিনি প্ৰয়োজনীয় সুবিধা লাগে, সকলো প্ৰদান কৰিবলৈ চেষ্টা কৰিব গুৱাহাটী টাউন ক্লাবে । ছুইমিং পুল, জীম, বক্সিং ৰিং,ডায়েট সকলো উপলব্ধ হ’ব এই চেন্টাৰত । ইয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষকৰ দ্বাৰাও দিয়া হব প্ৰশিক্ষণ । বক্সিং প্ৰশিক্ষক পদুম বড়োক এই বক্সিং একাডেমীৰ মুখ্য উপদেষ্টা হিচাপে ৰখা হৈছে । এই কথা জনালে টাউন ক্লাবৰ সম্পাদক দেৱজিৎ শইকীয়াই ।
ইপিনে, অলিম্পিয়ান লাভলীনাই গুৱাহাটী টাউন ক্লাবৰ এই প্ৰচেষ্টাক শলাগিলে । ভৱিষ্যতে ইয়াৰ পৰাই বক্সাৰসকলে বিশ্বত অসমৰ নাম উজ্জ্বল কৰিব বুলি আশা প্ৰকাশ কৰে তেওঁ ।
সৰ্বভাৰতীয় বক্সিং ফেডাৰেচনৰ সম্পাদক হেমন্ত কুমাৰ কলিতাও এই একাডেমীক লৈ আশাবাদী । তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ অসম, তাৰপাছত ক্ৰমে উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰত বুলি উল্লেখ কৰিলে । সেয়েহে, অসমৰ পৰা বক্সাৰ সৃষ্টিৰ বাবে সৰ্বভাৰতীয় বক্সিং ফেডাৰেচনৰ এগৰাকী বিষয়ববীয়া হিচাপে চেষ্টা অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে হেমন্ত কুমাৰ কলিতাই ।
উল্লেখযোগ্য যে, এই উদ্বোধনী অনুষ্ঠানতে অসম গৌৰৱ লাভলীনা আৰু হেমন্ত কুমাৰ কলিতাক গুৱাহাটী টাউন ক্লাবৰ অবৈতনিক ( অনাৰেৰী ) মেম্বাৰৰ প্ৰস্তাৱ দিলে ।
ক্ৰীড়া অনুৰাগীৰ আশা — গুৱাহাটী টাউন ক্লাবৰ বক্সিং চেন্টাৰৰ পৰাই সৃষ্টি হওক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰৰ । অসম বক্সিঙৰ গৌৰৱোজ্জ্বল ইতিহাসত নিজৰ নাম খোদিত কৰক গুৱাহাটী টাউন ক্লাবৰ বক্সিং চেন্টাৰে ।