লাভলীনাৰ পাছত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্যৰ্থ অংকুশিতা
অলিম্পিয়া প্ৰতিবেদন: মহিলা বিশ্ব বক্সিঙত অন্ত পৰিল অসমৰ প্ৰত্যাহ্বান । প্ৰথমে লাভলীনা বৰগোঁহাই আৰু ইয়াৰ পাছতে অংকুশিতা বড়োয়ে তুৰস্কৰ ইস্তানবুলত চলি থকা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ পৰা পদক লাভ নকৰাকৈয়ে অভিযান সামৰিব লগা হল। দেওবাৰে ৬৬ কেজি ওজন শাখাত অংকুশিতা বড়োৱে পোলেণ্ডৰ এনিটা ৰিগেলস্কাৰ বিৰুদ্ধে ০-৫ ব্যৱধানত পৰাস্ত হয় । এই পৰাজয়ৰ কাৰণ স্বৰূপে অংকুশিতাই জনোৱা মতে কোভিড মহামাৰীৰ বাবে ৰাষ্ট্ৰ জুৰি ঘোষণা কৰা লকডাউনৰ সময়ত অনুশীলন কৰিবলৈ সুযোগ লাভ নকৰাৰ বাবেই তেওঁ প্ৰত্যাশা অনুসৰি খেলিব নোৱাৰিলে ।
আৰু অধিক পঢ়ক
দ্বাদশ এই মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলাৰ অভিযান অৱশ্যে অব্যাহত আছে । ভাৰতৰ ৫০ কেজি ওজন শাখাত অনামিকা, ৫২ কেজিত নিষাত জাৰিন আৰু ৬৩ কেজিত পাৰবিনে কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে । তেওঁলোকৰ লগতে ৬০ কেজিত জয়স্মান লাম্বৰিয়াও কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে । দেওবাৰে, অংকুশিতাৰ লগতে ৫৪ কেজিত পৰাস্ত হৈছে ভাৰতৰ শিক্ষা । কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱা মুঠ ভাৰতীয় বক্সাৰ হ’ল আঠ গৰাকী ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
কোৱাৰ্টাৰ ফাইনেলৰ ৪৮ কেজিত ভাৰতৰ নিকুৱে কাজাখস্তান আৰু মনিষাই মংগোলীয়া বক্সাৰৰ মুখামুখি হ’ব । একেদৰে পূজাৰাণীয়ে ৭৫ কেজিত অষ্ট্ৰেলিয়ান আৰু ৮১ কেজি ঊৰ্দ্ধত নন্দিনীয়ে মৰক্কোৰ বক্সাৰৰ বিৰুদ্ধে খেলিব । সোমবাৰে অনুষ্ঠিত হ’ব সকলো কেইখন কোৱাৰ্টাৰ ফাইনেল বাউট ।
আইবা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি ২০ মে’ত সমাপ্ত হ’ব এই প্ৰতিযোগিতা ।
লক্ষ্যণীয় যে, টকিঅ’ অলিম্পিকত পদকজয়ী ভাৰতৰ একমাত্ৰ বক্সাৰ লাভলীনা বৰগোঁহাই আৰু এছিয়ান বক্সিঙত স্বৰ্ণ পদকৰ লগতে শ্ৰেষ্ঠ বক্সাৰৰ আখ্যা পোৱা অংকুশিতা বড়োৰ পৰা যথেষ্ট আশা কৰাৰ সত্ত্বেও তেওঁলোকে প্ৰত্যাশা অনুসৰি খেলিব নোৱাৰিলে । যাৰ বাবে দুয়োগৰাকী অসম সন্তানে পদক অবিহনে বিশ্ব বক্সিঙত অভিযান সামৰিব লগা হ’ল ।