অলিম্পিয়াৰ প্ৰতিবেদন
অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে আজি তিনিচুকীয়াৰ লিডুত উপস্থিত হৈ অসম বক্সিংৰ এগৰাকী সফল প্ৰশিক্ষক বাবুল গড় আৰু খেল’ ইণ্ডিয়াৰ তৃতীয় সংস্কৰণত পদক প্ৰাপ্ত চাৰি গৰাকী বক্সাৰক সম্বৰ্ধনা জনোৱাৰ লগতে লিডু বক্সিং একাডেমীলৈ এক লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াই।

অসমৰ বক্সিঙৰ ক্ষেত্ৰখনৰ এটি পৰিচিত নাম বাবুল গড়। বক্সিংৰ এগৰাকী সফল প্ৰশিক্ষক বাবুল গড়ৰ প্ৰচেষ্টাত অসমে লাভ কৰিছে পাঁচ গৰাকীকৈ আন্ত:ৰাষ্ট্ৰীয় বক্সাৰৰ লগতে বহু কেইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ। এইগৰাকী বাবলু গড়ে প্ৰশিক্ষণ প্ৰদান কৰা লিডু বক্সিং একাডেমীত আজি অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ উপস্থিত হৈ খেলুৱৈ সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে একাডেমীখনৰ আন্ত:গাঁথনি উন্নয়ণৰ বাবে ১ লাখ টকাৰ অনুদান আৱণ্টণৰ বিষয়ে অৱগত কৰে।

উল্লেখ্য যে এই একাডেমীৰ পৰাই গুৱাহাটীত অনুষ্ঠিত হোৱা খেল’ ইণ্ডিয়া যুৱ সমাৰোহত চাৰিগৰাকীকৈ বক্সাৰে মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল। পদকলাভ কৰা এই বক্সাৰ কেইগৰাকীকো আজি ভ্ৰমণৰ কালছোৱাত লক্ষ্য কোঁৱৰে সম্বৰ্ধনা জনাই।
