Tuesday, October 4, 2022
HomeNewsলোকমন্থনত অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰা থলুৱা খেল ধেমালিৰ সামগ্ৰী প্ৰদৰ্শন

লোকমন্থনত অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰা থলুৱা খেল ধেমালিৰ সামগ্ৰী প্ৰদৰ্শন

লোকমন্থনত অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰা থলুৱা খেল ধেমালিৰ সামগ্ৰী প্ৰদৰ্শন

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত লোকমন্থন কাৰ্যসূচী । অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰা থলুৱা খেল ধেমালিৰ সামগ্ৰী প্ৰদৰ্শন । লুপ্তপ্ৰায় খেল ধেমালিৰ সঁজুলি প্ৰত্যক্ষ কৰি আপ্লুত কণ কণ শিশুৰ লগতে উপস্থিত ৰাইজ ।

২১ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে লোকমন্থন কাৰ্যসূচী । বাৰেৰহনীয়া কাৰ্যসূচীৰ লগতে প্ৰদৰ্শিত হৈছে অসমৰ থলুৱা সা সামগ্ৰী, সাংস্কৃতিক উপাদান । লোকমন্থনৰ প্ৰাঙ্গনত অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰা প্ৰদৰ্শিত হৈছে থলুৱা খেল ধেমালিৰ সঁজুলি । উল্লেখ্য যে অলিম্পিয়া স্পৰ্টছৰ স্বত্বাধিকাৰী তথা জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক চিৰঞ্জীৱ শৰ্মাৰ উদ্যোগত অসমৰ লুপ্তপ্ৰায় থলুৱা খেল ধেমালিসমূহ পুনৰ উজ্জীৱিত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে ।

সেই লক্ষ্যৰে ইতিমধ্যে গুৱাহাটীৰ ৰাজগড় ৰোডত চিৰঞ্জীৱ শৰ্মাই স্থাপন কৰিছে থলুৱা খেল ধেমালিৰ সংগ্ৰহালয় । এই সংগ্ৰহালয়ৰ সামগ্ৰীসমূহ প্ৰদৰ্শিত হৈছে লোকমন্থনৰ বিশাল মঞ্চত । কণ কণ শিশুসকলৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে থলুৱা খেল ধেমালিৰ সঁজুলি দেখি উৎফুল্লিত হৈ পৰিছে সকলো । ঘূৰি গৈছে অতীতৰ সোণালী শৈশৱলৈ । অসমৰ উপৰি বিভিন্ন ৰাজ্যৰ পৰা অহা লোকৰ সমাবেশ ঘটিল এই লোকমন্থনত । চিৰঞ্জীৱ শৰ্মাই উপস্থিত দৰ্শকক বুজাই গ’ল প্ৰতিটো খেলৰ মহত্ব ।

চাবলৈ নাপাহৰিলে লোকমন্থনৰ প্ৰাঙ্গনত প্ৰদৰ্শিত থলুৱা খেল ধেমালিৰ সংগ্ৰহালয়টো । মহাৰাষ্ট্ৰৰ পৰা আহিছে এক আগশাৰীৰ শিক্ষানুষ্ঠানৰ অধ্যাপক প্ৰফেচাৰ ক্ষিতিজ পুটুকাল্লে । অসমৰ থলুৱা খেল ধেমালিৰ সামগ্ৰী দেখি অভিভূত হৈ পৰিল তেওঁ । নৱপ্ৰজন্মৰ শিশুসকলক এই লুপ্তপ্ৰায় খেল ধেমালি প্ৰত্যক্ষ কৰিবলৈ আহ্বান জনালে এনেদৰে —–

ইফালে, বুধবাৰে লোকমন্থনৰ প্ৰথমদিনা থলুৱা খেল ধেমালিৰ সংগ্ৰহালয়ত উপস্থিত হৈ আপ্লুত হৈ পৰিল অসমৰ বৰ্তমানৰ মন্ত্ৰী তথা প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী বিমল বৰা । এটা সময়ত এই থলুৱা খেলসমূহে শক্তিশালী সমাজ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি মন্তব্য কৰে তেওঁ । সকলো কণ কণ শিশুক অভিভাৱকৰ সৈতে এই থলুৱা খেল ধেমালিৰ সংগ্ৰহালয় চাবলৈ আহ্বান জনালে বিমল বৰাই ।

লোকমন্থনত থলুৱা খেল ধেমালিক গুৰুত্ব দিয়া হৈছে বুলি মন্তব্য কৰিলে ক্ৰীড়া ভাৰতীৰ উত্তৰ পূৰ্বাঞ্চলৰ সম্বন্ধয়ক মনোজ কুমাৰ মহান্তিয়ে । গাঁৱে ভূঞে পুনৰ থলুৱা খেলৰ পৰিবেশ গঢ়ি উঠিব বুলি আশা ব্যক্ত কৰিলে মনোজ কুমাৰ মহান্তিয়ে ।

লোকমন্থনত থলুৱা খেল ধেমালিৰ সংগ্ৰহালয় প্ৰদৰ্শিত হোৱাত আনন্দিত হৈ পৰিছে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী । সকলোৰে আশা —– এনে সংগ্ৰহালয়ত থলুৱা খেল ধেমালিৰ সঁজুলি প্ৰত্যক্ষ কৰি আপ্লুত হওক নৱপ্ৰজন্ম । আকৌ অসমত গা কৰি উঠক থলুৱা খেল ধেমালিয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments