Tuesday, October 4, 2022
HomeNewsলোকমন্থনত থলুৱা খেলৰ জুতি লৈছে মন্ত্রী যোগেন মোহন আৰু নন্দিতা গালোৰ্চাই

লোকমন্থনত থলুৱা খেলৰ জুতি লৈছে মন্ত্রী যোগেন মোহন আৰু নন্দিতা গালোৰ্চাই

অলিম্পিয়া প্ৰতিবেদন

থলুৱা খেলৰ জুতি লৈছে মন্ত্রী যোগেন মোহন আৰু নন্দিতা গালোৰ্চাই । হাতত ধেনু লৈ যোগেন মোহন । চলাইছে বাঁহৰ চকাৰ গাড়ী । উভতি গৈছে সোণালী শৈশৱলৈ ।

এই দৃশ্য গুৱাহাটী কলাক্ষেত্ৰৰ । যোৱা ২১ ছেপ্টেম্বৰৰ পৰা কলাক্ষেত্ৰত সগৌৰৱেৰে অব্যাহত আছে লোকমন্থন কাৰ্যসূচী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীয়ে প্ৰত্যক্ষ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি । লোকমন্থনত অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰা প্ৰদৰ্শিত হৈছে থলুৱা খেলৰ সঁজুলি । বৃহস্পতিবাৰে থলুৱা খেল ধেমালিৰ সংগ্ৰহালয়ত উপস্থিত হল মন্ত্রী যোগেন মোহন , নন্দিতা গাৰ্লোচা, শংকৰদেৱ কলাক্ষেত্ৰ ছচাইটিৰ সচিব সুদৰ্শন ঠাকুৰ । তেওঁলোকক গামোচাৰে স্বাগতম জনালে অলিম্পিয়া স্পৰ্টছৰ স্বতাধিকাৰী তথা জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক চিৰঞ্জীৱ শৰ্মাই । সংগ্ৰহালয়ত থকা থলুৱা খেলা সামগ্ৰী প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰিল মন্ত্রী যোগেন মোহন । দুই- এবিধ খেল খেলি ল’লে থলুৱা খেলৰ আনন্দ ।

 

চিৰঞ্জীৱ শৰ্মাৰ প্ৰচেষ্টাক শলাগিলে মন্ত্রী যোগেন মোহনে । অনাগত দিনত তেওঁৰ প্ৰচেষ্টাত চৰকাৰে সহযোগ কৰিব বুলি আশ্বাস প্ৰদান কৰে ।

এই সংবাগসুন্দৰ সংগ্ৰহালয়টো দেখি উৎফুল্লিত হৈ পৰিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সম্পাদক সুদৰ্শন ঠাকুৰ । অনাগত দিনত এনে থলুৱা ক্ৰীড়া সামগ্ৰীসমূহ স্থায়ী ভাৱে প্ৰদৰ্শিত হ’ব পৰাকৈ কলাক্ষেত্ৰত ঠাই প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে তেওঁ ।

 

মন্ত্রী নন্দিতা গালোৰ্চাও থলুৱা ক্ৰীড়া সামগ্ৰী প্ৰত্যক্ষ কৰি হৈ পৰিল আনন্দিত । এই সংগ্ৰহালয়লৈ আহিলে ছাত্র- ছাত্রীসকল উপকৃত হোৱাৰ কথা দোহাৰিলে মন্ত্রী গৰাকী —-

 

ক্ৰীড়া অনুৰাগীৰ আশা —- অসমত থলুৱা ক্ৰীড়াই জনপ্ৰিয়তাই শিখৰ স্পৰ্শ কৰক । কলাক্ষেত্ৰত স্থাপন হওক থলুৱা ক্ৰীড়াৰ সংগ্ৰাহলয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments