শচীনৰ নামটোৱে চাপ বঢ়াইছে অৰ্জুন তেণ্ডুলকাৰৰ
অলিম্পিয়া প্ৰতিবেদন: বিশ্বজুৰি খ্যাতি থকা এজন মহান ক্ৰিকেটাৰৰ পুত্ৰ তেওঁ ৷ স্বাভিমানেৰে উদ্ভাসিত পিতৃয়ে কিংবদন্তী হিচাপে খ্যাতি লাভ কৰাৰ লগতে লাভ কৰিছে ‘ ক্ৰিকেটৰ ভগবান ’ ৰো সন্মান ৷ এনে এগৰাকী পিতৃৰ পুত্ৰ হ’ব পৰাটো নিশ্চয়কৈ সকলোৰে বাবে গৌৰবৰ কথা ৷ কিন্তু অৰ্জুন তেণ্ডুলকাৰৰ বাবে সেয়া এক মানসিক চাপৰ দৰে হৈ পৰিছে ৷
পিতৃ শচীন তেণ্ডুলকাৰৰ পদাংক অনুসৰণ কৰি ক্ৰিকেটৰ পথাৰত ভৰি দিলেও এতিয়ালৈকে কোনো দলতে থিতাপি ল’ব পৰা নাই অৰ্জুনে ৷ জাতীয় দলত স্থান লাভ কৰাতো দূৰৰে কথা ঘৰুৱা দল মুম্বাইতো স্থান সুৰক্ষিত নহয় তেওঁৰ । অৰ্জুন বাঁওহতীয়া পেচ বলাৰ ৷
শচীনৰ পুত্ৰ হোৱাৰ বাবে তেওঁৰ ওপৰত ক্ৰিকেটপ্ৰেমীৰ প্ৰত্যাশাও অধিক
শচীনৰ পুত্ৰ হোৱাৰ বাবে তেওঁৰ ওপৰত ক্ৰিকেটপ্ৰেমীৰ প্ৰত্যাশাও অধিক ৷ ১৯৮৩ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱৰ মতে সেইটোৱেই অৰ্জুনৰ ওপৰত এক বৃহৎ মানসিক চাপ ৷ সেয়ে অৰ্জুনক কপিলৰ পৰামৰ্শ– কোনে কি কয় বা ক’ব সেয়া পাহৰি যোৱা ৷
পিতৃয়ে যি কৰিলে তাৰ ৫০ শতাংশ কৰি দেখুৱালেও হ’ব ৷ সদ্য সমাপ্ত আই পি এলত মুম্বাই ইণ্ডিয়ানছে ৩০ লাখ টকাৰে ক্ৰয় কৰিছিল অৰ্জুন তেণ্ডুলকাৰক ৷ দলৰ মেণ্টৰ পিতৃ শচীন তেণ্ডুলকাৰ হ’লেও লীগৰ কোনো এখন খেলতে দেখা নগ’ল অৰ্জুনক ৷ দলটোৰ প্ৰশিক্ষক শ্বেন বণ্ডৰ মতে ২২ বছৰীয়া পেচ বলাৰজনে আৰু বহুত শিকিব লগা আছে ৷
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
কপিলদেৱৰ মতে অৰ্জুনক নিজৰ স্বাভাবিক খেল খেলিবলৈ দিয়া উচিত ৷ পিতৃ হ’লেও শচীনৰ সৈতে তেওঁক তুলনা কৰা উচিত নহয় ৷ শচীন নামটোৱেই তেওঁৰ বাবে অসুবিধাৰ কাৰণ ৷ অৰ্জুন তেণ্ডুলকাৰৰ দৰেই পৰিস্থিতিৰ সন্মূখীন হৈছিল সুনীল গাভাস্কাৰৰ পুত্ৰ ৰোহণ গাভাস্কাৰৰ ৷ কিংবদন্তী সুনীল গাভাস্কাৰৰ পুত্ৰ হোৱাৰ বাবে ৰোহণৰ ওপৰত ক্ৰিকেটপ্ৰেমীৰ আছিল প্ৰত্যাশাৰ পাহাৰ ৷
বংগ দলৰ লগতে পূব মণ্ডলৰ হৈ কেইখনমান মেচ খেলাৰ পাছত জাতীয় দলতো দেখা গৈছিল যদিও স্থান নিগাজী কৰিব নোৱাৰিলে ৰোহনে ৷ পিতৃ সফল ক্ৰিকেটাৰ হোৱাৰ চাপত এদিন ভাঙি পৰিলে ৰোহনৰ কেৰিয়াৰ ৷
পিতৃৰ নাম বহন কৰিব পৰা নাছিল ছাৰ ডন ব্ৰেডমেনৰ পুত্ৰইও ৷ অৱশেষত ব্ৰেডমেনৰ পুত্ৰই নিজৰ পাৰিবাৰিক নাম সলনি কৰি ব্ৰেডছেন কৰিছিল ৷ অৰ্জুনৰ প্ৰসংগত কপিল দেৱে সেই কথা উল্লেখ কৰে ৷ ‘‘তুমি নিজৰ খেল উপভোগ কৰা আৰু উজলি উঠা’’–অৰ্জুনক কপিলৰ পৰামৰ্শ ৷