অলিম্পিয়াৰ প্ৰতিবেদন
মাত্ৰ ৬৯টা বলত ১৩২ ৰান কৰিবলৈ সক্ষম হোৱা কিংছ ইলেভেন পঞ্জাৱৰ অধিনায়ক কে এল ৰাহুল কালিৰ মেচখনৰ পূৰ্বে নিজৰ ওপৰত থকা বিশ্বাস হেৰুৱাইছিল। এই কথা ৰাহুলে নিজ মুখেৰে স্বীকাৰ কৰিছে।
কালিৰ মেচখনত আৰচিবিৰ বিৰুদ্ধে বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা কিংছ ইলেভেন পঞ্জাৱৰ জয়ৰ মূল নায়ক কে এল ৰাহুলে কয় যে, মই কালি মেক্সিক (মেক্সুৱেল)ৰ লগত কথা।পাতিছিলো আৰু মই কৈছিলোঁ মোৰ বেটিংৰ ওপৰত মোৰ ক’ৰ্ণ্টল হোৱা নাই। তেওঁ কৈছিল তুমি ধেমালি কৰিছা। তুমি বহুত ভালকৈ হিত কৰি আছা।
ইয়াৰ উপৰিও ৰাহুলে কয়, আৰম্ভণিতে মই নাৰ্ভাচ আছিলোঁ কিন্তু মই জানিছিলোঁ কেইটামান বল খেলাৰ পিছত ছন্দ ঘূৰাই পাম। অধিনায়ক হ’লেও মই পুৰণি ৰুটিন মানি চলোঁ। টছ কৰাৰ সময়লৈকে মই নিজকে এজন সাধাৰণ খেলুৱৈ বুলি ভাবোঁ, অধিনায়ক বুলি ভাবিবলৈ নিবিচাৰোঁ। মই খেলুৱৈ আৰু অধিনায়কৰ মাজত এক সন্তুলন বজাই ৰাখিব বিচাৰোঁ।
মেচখনত অধিনায়ক ৰাহুলৰ ১৩২ ৰানৰ ৰাজকীয় ইনিংছৰ সহায়ত কিংছ ইলেভেন পঞ্জাৱে ২০৬ৰানৰ এক বৃহৎ স্ক’ৰ কৰিবলৈ সক্ষম হৈছিল আৰু আৰচিবিয়ে ১৭ অভাৰতেই আটাইতকেইটা উইকেট হেৰুৱাই মাত্ৰ ১০৯ ৰান।হে কৰিবলৈ সক্ষম হয়। আৰচিবিৰ অধিনায়ক কোহলিয়ে পৰাজয়ৰ দায়িত্ব নিজেই স্বীকাৰ কৰাৰ বিপৰীতে পঞ্জাৱৰ অধিনায়ক ৰাহুলে এই জয়ৰ কৃতিত্ব দলৰ প্ৰতিজন খেলুৱৈক দিছে।