Wednesday, July 6, 2022
HomeNewsশতৰাণ কৰি কান্দি উঠিল ছাৰফৰাজ খান

শতৰাণ কৰি কান্দি উঠিল ছাৰফৰাজ খান

শতৰাণ কৰি কান্দি উঠিল ছাৰফৰাজ খান

অলিম্পিয়া প্ৰতিবেদন: এক আবেগ ভৰা মুহুৰ্ত । ক্ৰিকেট বিশ্বত এনে ঘটনা বিৰল । খেলপথাৰত কান্দি উঠিল ক্ৰিকেট তাৰকা । শতৰাণ কৰি চকুপানী ধৰি ৰাখিব নোৱাৰিলে ছাৰফৰাজ খানে ।

ঘটনা ২০২২ ছিজনৰ ৰঞ্জি ট্ৰফীৰ ফাইনেলৰ । মৈদানত নামিল মুম্বাই বনাম মধ্যপ্ৰদেশ । উৎকন্ঠিত আছিল ভাৰতীয় ক্ৰিকেট অনুৰাগী । সকলোৰে দৃষ্টি নিবন্ধ আছিল এই বিশেষ মেচখনত । খেলৰ মাজতে ঘটিল এক ঘটনা । যিটো ঘটনাৰ বাবে মুম্বাই দলৰ খেলুৱৈ ছাৰফৰাজ খান হৈ পৰিল চৰ্চাৰ কেন্দ্ৰ ।

আৰু অধিক পঢ়ক

ছাৰফৰাজে ৰঞ্জি ট্ৰফীৰ ফাইনেলত মধ্য প্ৰদেশৰ বিৰুদ্ধে দাঙি ধৰিলে উন্নত ক্ৰীড়া প্ৰদৰ্শন । ছাৰফাৰাজে কৰিলে শতৰাণ । তেওঁ মধ্য প্ৰদেশৰ বিৰুদ্ধে প্ৰথম ইনিংছত ১৩৪ ৰাণ সংগ্ৰহ কৰিলে । ইয়াৰ পাছতে যেন আবেগক বান্ধি ৰাখিব নোৱাৰিলে ছাৰফাৰাজে । খেলপথাৰত হেলমেট খোলোতে অশ্ৰুৰ বন্যা বৈ আহিল ক্ৰিকেটাৰ গৰাকীৰ । ক্ৰিকেট অনুৰাগীসকলে অনুভৱ কৰিলে — ছাৰফাৰাজ যেন মনত লৈ ফুৰিছিল এক দীৰ্ঘদিনীয়া বেদনা । তাৰেই বহিঃপ্ৰকাশ ঘটিল খেলপথাৰত ।

প্ৰকৃততে বহু সমস্যাই জৰ্জৰিত হৈ আছিল ছাৰফাৰজৰ ক্ৰিকেট জীৱন । ৰাষ্ট্ৰীয় দলত সুযোগ পোৱা নাছিল ছাৰফাৰাজে । আঘাত, অফ ফৰ্ম আদি সমস্যাই খেদি ফুৰিছে ছাফৰাজক । কিছুদিনৰ পূৰ্বে দিলীপ বেংচৰকাৰে প্ৰশ্ন কৰিছিল– ছাৰফাৰাজে ঘৰুৱা ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন কৰিলেও ৰাষ্ট্ৰীয় দলত কিয় সুযোগ নাপায় ? হয়তো এনেবোৰ কাৰণতে কিছু হতাশাত ভুগিছিল ক্ৰিকেটাৰগৰাকী ।

পিছে, এই ছিজনৰ ৰঞ্জি ট্ৰফী ক্ৰিকেটত বেটেৰে ছাৰফাৰাজে দিলে যেন যোগ্য প্ৰত্যুত্তৰ । এইবাৰ ৰঞ্জি ট্ৰফীত ডিফেণ্ডিং চেম্পিয়ন সৌৰাষ্ট্ৰৰ বিৰুদ্ধে ছাৰফৰাজে ২৭৫ ৰাণৰ এটা সুন্দৰ ইনিংছ উপহাৰ দিছে । লগতে, তেওঁ ১৬৫ আৰু ১৫৩ ৰাণৰ দুটাকৈ ইনিংছ খেলিছে । ছাৰফাৰাজে যোৱাবাৰ আৰু এইবাৰৰ ৰঞ্জি ট্ৰফীত ১৭০০ তকৈ অধিক ৰাণ সংগ্ৰহ কৰি নিজৰ প্ৰতিভাৰ উমান দিছে ।
ইমানখিনি সাফল্য অৰ্জন কৰাৰ পাছত কিবা নোপোৱাৰ বেদনাত ছাৰফাৰজৰ বুকু যেন বেদনাত দগ্ধ হৈ আছিল ।সেয়েহে মধ্য প্ৰদেশৰ বিৰুদ্ধে ১৩৪ ৰাণ কৰি উচুপি উঠিল ছাৰফাৰাজ খান ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments