Thursday, July 7, 2022
HomeNewsশনিবাৰৰ পৰা অসমত জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ,অসম দল ঘোষণা

শনিবাৰৰ পৰা অসমত জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ,অসম দল ঘোষণা

অসমত জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ
। সাজু অসম ফুটবল সন্থা । গুৱাহাটী পালেহি বিভিন্ন ৰাজ্যৰ জুনিয়ৰ মহিলা ফুটবলাৰ ।

অসম চৰকাৰৰ পৃষ্ঠপোষকতাত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ তত্বাৱধানত আৰু অসম ফুটবল সন্থাৰ উদ্যোগত ১৮ জুন, শুক্ৰবাৰৰ পৰা আৰম্ভ হ’ব ১৭ বছৰ অনূৰ্ধৰ জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ । অসমকে ধৰি ৩৪ টা দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনৰ পূৰ্ব প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । প্ৰতিকূল বতৰ নেওচি সাজু কৰি তোলা হৈছে সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়াম, পল্টন বজাৰ ছাই নিউ ফিল্ড, সোণাপুৰ এল এন ই পি আৰু উদালগুৰিৰ ডিমাকুছি ষ্টেডিয়াম ।

শুক্ৰবাৰে অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেলত ৮ টা গ্ৰুপৰ দলটোসমূহৰ নাম ঘোষণা কৰিলে অসম ফুটবল সন্থাই । গ্ৰুপ এ ” ত আছে মণিপুৰ, উত্তৰাখণ্ড, ঝাৰখণ্ড আৰু অন্ধ্ৰপ্ৰদেশ । গ্ৰুপ” বি” ত স্থান লাভ কৰিছে মিজোৰাম, উত্তৰ প্ৰদেশ, ছত্তিছগড় আৰু কৰ্ণাটক । গ্ৰুপ “চি” ত আছে -তেলেংগনা, বিহাৰ, মেঘালয়, দিল্লী আৰু মধ্য প্ৰদেশ । গ্ৰুপ “ডি” ত আছে – অৰুণাচল প্ৰদেশ , হিমাচল প্ৰদেশ, চিকিম আৰু গোৱা । গ্ৰুপ” ই” ত নগালেণ্ড, লাডাখ, পঞ্জাৱ আৰু কেৰালা । গ্ৰুপ “এফ” ত আছে ত্রিপুৰা, উৰিষ্যা, মহাৰাষ্ট্ৰ, দাদৰা আৰু নগৰ হাভেলি । ডিমাকুছি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ ‘জি’ ৰ দলসমূহ হ’ল– অসম, হাৰিয়ানা, পুডুচেৰী আৰু গুজৰাট । সেইদৰে গ্ৰুপ “এইচ” ত স্থান লাভ কৰিছে– জম্মু-কাশ্মীৰ,পশ্চিম বংগ, তামিলনাডু আৰু ৰাজাস্থান ।

আনহাতে এই প্ৰতিযোগিতাৰ বাবে অসমৰ মহিলা দলটো ঘোষণা কৰা হৈছে । অসম দলটোৰ অধিনায়ক হিচাপে আছে তুষামণি গগৈ আৰু উপ অধিনায়কৰ দায়িত্বত আছে মৌচুমী ব্ৰহ্ম । অসম দলটোৰ বাকী খেলুৱৈ হল – মম্পী সোণোৱাল, ৰেশ্মী ৰয়, সোণম ডালমা লামা, পূৰ্ণিমা ৰেগন, ছয়নিকা সোণোৱাল, কে জুলি চংলয়, ৰেমালী বড়ো, ৰাজশ্ৰী সোণোৱাল, উদাংশ্ৰী নাৰ্জাৰী, চুমি দাস, হেৰিনা বসুমতাৰী, অঞ্জুলী বহ্ম, মাইনু বসুমতাৰী, সোণম দত্ত, জানমণি পাংগিং, অংকিতা মেচ, মীনা কাছাৰী আৰু সবিতা ৰাভা । অসমৰ মহিলা দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে আছে লোচন শইকীয়া । মেনেজাৰ আৰু সহ মেনেজাৰৰ দায়িত্বত আছে ক্ৰমে -ফিলাচেম বড়ো আৰু ৰয়েল বসুমতাৰী ।

ক্ৰীড়া অনুৰাগীৰ আশা– অসমত জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ সাফল্যমণ্ডিত হৈ উঠক । অসম দলটোৱে খেলপথাৰত দাঙি ধৰক উন্নত প্ৰদৰ্শন । অসমলৈ ঘূৰি আহক পূৰ্বৰ ফুটবলৰ সুন্দৰ বাতাবৰণ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments