এটা নিশাৰ বাবে কলকাতালৈ আহিছে বাংলাদেশৰ তাৰকা ক্ৰিকেটাৰ শাকিব অল-হাছান। পশ্চিমবঙ্গৰ বিধায়ক পৰেশ পালে অনুষ্ঠিত কৰা কালি পূজা উদ্বোধন কৰিবলৈ কলকাতালৈ আহিছে ক্ৰিকেটাৰগৰাকী। কালি গাড়ীৰে পশ্চিমবঙ্গ আৰু বাংলাদেশ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশৰ ক্ৰিকেটাৰজনে সন্ধিয়া বিধায়ক পৰেশ পালৰ পূজা মণ্ডপত উপস্থিত হৈ পূজা উদ্বোধন কৰে। ক্ৰিকেটাৰগৰাকী অহাৰ খবৰ পায় পূজাস্থলীত ভিৰ কৰেহি অনেক জনতাই। ইয়াৰ পিছতে কলকাতা চহৰলৈ যায় ক্ৰিকেটাৰ শাকিব অল-হাছান। নিশা কলকাতাত পাৰ কৰি আজি পুনৰ বাংলাদেশলৈ উলটি যাব তেওঁ।
উল্লেখ্য যে তিনিবাৰকৈ ক্ৰিকেট বুকিৰ পৰা মেচ ফিক্সিং কৰাৰ অফাৰ লাভ কৰা শাকিবে এই বিষয়ে কৰ্তৃত্বশীল বিষয়াক অৱগত নকৰাৰ অপৰাধত আইচিচিৰ দুৰ্নীতি নিবাৰক শাখাই এবছৰৰ বাবে সকলোধৰণৰ ক্ৰিকেটৰ পৰা তেওঁক নিষিদ্ধ কৰিছিল। আইচিচিৰ নীতি অনুসৰি ১ বছৰ ক্ৰিকেটৰ পৰা আতৰি থকা শাকিব এতিয়া পুনৰ খেল পথাৰলৈ উলটি আহিবলৈ প্ৰস্তুত হৈছে।