Sunday, October 2, 2022
HomeNewsশিৱসাগৰ পানীবিলত ঐতিহাসিক কড়িখেল

শিৱসাগৰ পানীবিলত ঐতিহাসিক কড়িখেল

শিৱসাগৰ পানীবিলত ঐতিহাসিক কড়িখেল

অলিম্পিয়া প্ৰতিবেদন: আহোম স্বৰ্গদেউসকলৰ শাসনকাল হৈছে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক সোণোৱালী যুগ ৷ ক’বলৈ গ’লে আহোম স্বৰ্গদেউসকলৰ শাসন কালৰ পৰাই অসমৰ ক্ৰীড়া ইতিহাসৰ বিষয়ে জানিব পাৰো ৷ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু প্ৰমত্ত সিংহই ৰংপুৰত ৰংঘৰ সাজি বিভিন্ন খেলধেমালিৰ প্ৰচলন কৰি ৰাইজক আকৰ্ষণ কৰাৰ লগতে এইবোৰত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল ৷ অসমৰ ক্ৰীড়া ইতিহাসত বিভিন্ন খেল-ধেমালিৰ মাজত আহোম স্বৰ্গদেউসকলে পৃষ্ঠপোষকতা কৰা কড়িখেল অন্যতম ৷

আৰু অধিক পঢ়ক

বৰ্তমান সময়ত কড়িখেলৰ প্ৰসাৰ হ্ৰাস পাইছে যদিও উজনি অসমৰ বহু ঠাইত এতিয়াও ইয়াৰ প্ৰচলন দেখিবলৈ পোৱা যায় ৷ বিগত বছৰৰ দৰে এই বছৰো উজনি অসমৰ বিভিন্ন অঞ্চলৰ ৰঙালীৰ উলহ মালহেৰে কড়িখেল অনুস্থিত হয় ৷ ইয়াৰ ভিতৰত শিৱসাগৰ পানীবিল অন্যতম ৷ কড়িখেলৰ বিশেষজ্ঞ তথা অঞ্চলটোৰ স্থায়ী বাসিন্দা অজিত গগৈৰ বাসগৃহত যথেষ্ঠ সংখ্যক লোকৰ উপস্থিতিত অনুস্থিত এই কড়িখেল চাবলৈ ওচৰ-চুবুৰীয়া লগতে দাঁতিকাষৰীয়া অঞ্চলৰ পৰা বহু লোকৰ সমাগম হয় ৷ উল্লেখ্য যে অতীজতে যিকোনো বস্তুৰ কিনা-বেচাত বিনিময় হিচাপে কড়ি ব্যৱহাৰ কৰিছিল বুলি শুনিবলৈ পোৱা যায় ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উজনি অসমৰ লখিমপুৰ জিলাৰ চাৰিকড়িয়া নদীৰ ঘাটুৱৈসকলে বিভিন্ন বস্তু বা মানুহ ইপাৰ- সিপাৰ কৰাৰ বিনিময় হিচাপে চাৰিটাকৈ কড়ি লোৱাৰ বাবে নৈ খনৰ নাম চাৰিকড়িয়া ৰখা হৈছিল ৷ সেইদৰে কড়িক খেলৰ আহিলা হিচাপে লোৱাটো অতীজৰ পৰাই প্ৰচলন হৈ আহিছে ৷ ঠাই বিশেষে এই খেলৰ প্ৰদ্ধতি বেলেগ বেলেগ ৷ ঠাই বিশেষে কড়িৰ অভাৱত আহোম বগৰী গুটিটোক মাজেৰে দুফাল কৰিও কড়ি খেলা দেখা যায় ৷ এই খেল ছোৱালীবোৰৰ বাবে অতি প্ৰিয় ৷ বৰ্তমান বিলুপ্তপ্ৰায় অৱস্থাত থকা কড়ি খেল আপোনালোকলৈ আগবঢ়াই নতুন প্ৰজন্মৰ মাজত খেলবিধ পুনৰ প্ৰচলন কৰাৰ আমাৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস ৷

YouTube player
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 + 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments