Monday, July 4, 2022
HomeNewsশিৱসাগৰ ব’টিং আৰু ৰ’য়িং সন্থাৰ ১৬ প্ৰশিক্ষাৰ্থী ৰাজ্যিক দলত

শিৱসাগৰ ব’টিং আৰু ৰ’য়িং সন্থাৰ ১৬ প্ৰশিক্ষাৰ্থী ৰাজ্যিক দলত

অলিম্পিয়া প্ৰতিবেদন

অহা ২০ ৰ পৰা ২৬ জুনলৈ জম্মু-কাশ্মীৰৰ ডাল লেকত অনুষ্ঠিত হ’বলগা ২৩ সংখ্যক ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ৰ’য়িং চেম্পিয়নশ্বিপত অসম দলৰ হৈ অংশ গ্ৰহণ কৰিব শিৱসাগৰৰ ১৬ গৰাকী প্ৰশিক্ষাৰ্থীয়ে ৷ বৰ্তমান এই খেলুৱৈসকলে গুৱাহাটীৰ দীঘলীপুখুৰীত এমাহ ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ ৰাজ্যিক দলত কেবল শিৱসাগৰৰ ১৬ গৰাকী ল’ৰা আৰু ছোৱালী খেলুৱৈয়ে স্থান লাভ কৰাৰ আঁৰত কেইবাগৰাকীও ক্ৰীড়া সংগঠকৰ নিৰলস প্ৰচেষ্টা জড়িত হৈ আছে ৷ ্শিৱসাগৰত ব’টিং আৰু ৰ’য়িং প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হোৱা বৰ বেছি দিন হোৱা নাই ৷ ২০১০ চনত কেইগৰাকীমান ক্ৰীড়াপ্ৰেমীৰ প্ৰচেষ্টাত শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত মৰিবিল সৰোবৰত গঢ় লৈ উঠিল ব’টিং আৰু ৰ’য়িঙৰ প্ৰশিক্ষণ ৷ শিৱসাগৰ নগৰত এনেধৰণৰ প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই গৃহ জিলাখনত উন্নত প্ৰশিক্ষণ প্ৰদানৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰে ৷ নিজৰ জিলাৰ প্ৰশিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে জ্যেষ্ঠ আৰক্ষী বিষয়া মহন্তই অসম আৰক্ষীৰ ৪ গৰাকী ৰ’য়িং প্ৰশিক্ষকক শিৱসাগৰলৈ প্ৰেৰণ কৰে ৷ এই আৰক্ষী প্ৰশিক্ষকৰ দলটোৱে শিৱসাগৰ ব’টিং এণ্ড ৰ’য়িং সন্থাৰ বিষয়বৱীয়াৰ সহযোগত উন্নত প্ৰশিক্ষণ প্ৰদানত জড়িত হয় ৷ ইয়াৰ ফলতেই ক’ভিড পৰিস্থিতি উপশম হোৱাৰ পাছত শিৱসাগৰ ব’টিং আৰু ৰ’য়িং সন্থাত অনুশীলনৰ নতুন অভিযান আৰম্ভ হয় ৷ সৃষ্টি হয় ব’টিং আৰু ৰ’য়িং শিকাৰ বাবে আগ্ৰহী এচাম ন-শিকাৰু ৷ ২০২০ চনত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়ে শিৱসাগৰৰ মৰিবিল সৰোবৰক অসমৰ প্ৰথম জলক্ৰীড়া ক্ষেত্ৰৰূপে ঘোষণা কৰাৰ লগতে এই জলক্ৰীড়া বিকাশৰ বাবে কাম কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব শিৱসাগৰ ব’টিং আৰু ৰ’য়িং সন্থাক প্ৰদান কৰে ৷ অসম আৰক্ষীৰ ৰ’য়িং দলৰ সদস্য চাৰি গৰাকীৰ সুন্দৰ প্ৰশিক্ষণৰ বাবেই এতিয়া ১৬ গৰাকী খেলুৱৈয়ে ৰাজ্যিক দলত স্থান লাভ কৰিছে ৷ আৰম্ভণিৰে পৰা ২০১৮ চনলৈকে শিৱসাগৰৰ ৰ’য়িং খেলুৱৈসকলে বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি পদক জয় কৰিবলৈ সক্ষম হৈছে ৷ যোৱা ১১ জুন, শনিবাৰে অনুষ্ঠিত সংবাদ মেলত শিৱসাগৰ ব’টিং আৰু ৰ’য়িং সন্থাৰ সভাপতি ধনঞ্জয় শইকীয়া, শিৱসাগৰ কমাৰ্চ কলেজৰ অধ্যক্ষ ড॰ সৌমাৰজ্যোতি মহন্ত, শিৱসাগৰ ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি, শৰৎ হাজৰিকা, বসন্ত গগৈকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ শিৱসাগৰৰ পৰা ৰাজ্যিক দললৈ নিৰ্বাচিত খেলুৱৈসকল হ’ল —- কুন্দন বৰগোঁহাই, একবৰ্তা বৰগোঁহাই, কৃষ্টিনা কোঁৱৰ, প্ৰত্যুষ শৰ্মা, মনজিৎ মহন্ত, কুনাল ময়ুৰ কাশ্যপ, দিবাংশু হাজৰিকা, আয়ান খান, প্ৰদীপ দাস, প্ৰজ্ঞান লাহন, আয়ুশ্ৰী গায়ন, ৰাজশ্ৰী দত্ত, ইপ্সিতা চৌধুৰী, অভিলাষা বৰাট, অংশুমান দত্ত আৰু নবাব আজৱ আলী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments