Monday, July 4, 2022
HomeNewsশুৱালকুছিত প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা এজাক খেলুৱৈৰ

শুৱালকুছিত প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা এজাক খেলুৱৈৰ

গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়িবলৈ সপোন পুহি ৰখা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আহ্বানৰ এখন প্ৰতিচ্ছবি পৰিলক্ষিত হৈছে শুৱালকুছিত। ১৪ নবেম্বৰ শিশু দিৱসৰ দিনটোতেই বস্ত্ৰনগৰী শুৱালকুছিত ন কৈ গঢ়ি উঠা স্পৰ্টছ একাডেমী অব শুৱালকুছিৰ উদ্যোগত তথা শুৱালকুছি TICS ৰ সহযোগত শিশু সকলৰ মাজত খেলৰ জৰিয়তে শিশু দিৱস উদযাপন কৰা হয়। পুৱা শুৱালকুছি খেলপথাৰত স্পৰ্টছ একাডেমী অব শুৱালকুছি আৰু দামপুৰ ড্ৰীম ফুটবল একাডেমীৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুস্থিত হয়।খেলখন উদ্বোধন কৰে কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি বাপুকন আলীয়ে। উক্ত খেলখনত দামপুৰ ড্ৰীম ফুটবল একাডেমীয়ে ১-০ গলৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। খেলখন পৰিচালনা কৰে ধৰনী দাস, তপেশ কুমাৰ আৰু লাচিত দাসে।


আনহাতে উক্ত কাৰ্যসূচীত অন্তৰ্ভুক্ত হয় এটা পৰিবেশ কেন্দ্ৰিক বিষয়। খেলপথাৰৰ মাজত লুপ্তপ্ৰায় এটা বৃহতাকাৰ হাড়গিলা পক্ষীৰ প্ৰতিকীৰূপ ৰাখি খেলুৱৈসকলক হাড়গিলা সংৰক্ষনৰ বিষয়ে অৱগত কৰাৰ চেষ্টা কৰে স্পৰ্টছ একাডেমী অব শুৱালকুছিয়ে। আৰু হাতে হাতে হাড়গিলা সংৰক্ষণৰ বাৰ্তা লৈ এই সকল শিশুৱে শিশু দিৱসৰ দিনটোত দিছে পৰিবেশ ৰক্ষাৰ বাৰ্তা। এই কাৰ্যসূচী সফল ৰূপায়নত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই হাড়গিলা পক্ষী সংৰক্ষক তথা পৰিবেশ বিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments