Sunday, October 2, 2022
HomeNewsশূন্যৰ অধিকাৰী কিং কোহলি

শূন্যৰ অধিকাৰী কিং কোহলি

শূন্যৰ অধিকাৰী কিং কোহলি

অলিম্পিয়া প্ৰতিবেদন: ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলি ৷ যাৰ দুৰ্দান্ত বেটিঙে এসময়ত মোহিত কৰি ৰাখিছিল ক্ৰিকেটপ্ৰেমীক ৷ সেই কোহলিয়ে যেন এতিয়া ফৰ্মহীনতাত ভুগিছে ৷ চলিত ছিজনৰ আই পি এলত ইখনৰ পিছত সিখন মেচত দেখা গৈছে তেওঁৰ ছন্দপতন ৷ নিৰাশ দৰ্শক, নিৰাশ তেওঁৰ অনুৰাগী ৷ এবাৰ দুবাৰ নহয়, আই পি এলৰ মজিয়াত তেওঁ চতুৰ্থবাৰৰ বাবে অৰ্জন কৰিলে বৃহৎ শূন্য ৷ শূন্যই যেন লগ নেৰা হৈছে বিৰাটক ৷

আৰু অধিক পঢ়ক

মংগলবাৰে নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সৈতে মুখামুখী হৈছিল আই পি এলৰ নৱগঠিত দল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৷ তাৰ পাছতেই টছত হাৰি প্ৰথমে বেট ধৰি বেংগালুৰুৱে ৬ উইকেটৰ বিনিময়ত লক্ষ্ণৌক বান্ধি দিয়ে ১৮২ ৰাণৰ টাৰ্গেট ৷ য’ত কোহলিৰ অৱদান আছিল মাত্ৰ শূন্য ৷ যাৰ জৰিয়তে কিং কোহলি আই পি এলৰ মজিয়াত চতুৰ্থবাৰৰ বাবে হ’ল শূন্যৰ গৰাকী ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

ইয়াৰ পূৰ্বে কোহলিয়ে ২০০৮ বৰ্ষত মুম্বাই ইণ্ডিয়ানছ, ২০১৪ বৰ্ষত পঞ্জাৱ কিংছ আৰু ২০১৭ বৰ্ষত কলকাতাৰ বিৰুদ্ধে শূন্যত আউট হোৱাৰ ইতিহাস এতিয়াও জিলিকি আছে ৷ কিন্তু এটা কথা উল্লেখনীয় যে চলিত ছিজনৰ আই পি এলত কোহলিৰ প্ৰদৰ্শন তেওঁৰ ১৫ বছৰৰ আই পি এল কেৰিয়াৰৰ আটাইতকৈ দুখজনক ৷ ৭ খন মেচত বৰ্তমানলৈকে তেওঁৰ বেটত আহিছে মাত্ৰ ১১৯ ৰাণ ৷ ২০১৬ চনত কোহলি আছিল দুৰ্দান্ত ফৰ্মত ৷ সেই ছিজনৰ আই পি এলত কোহলিৰ বেটত আহিছিল সৰ্বোচ্চ ৯৭৩ ৰাণ ৷ য’ত আছিল ৪ টাকৈ শতক ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments