Tuesday, July 5, 2022
HomeNewsশেষ হ’ল বিৰাটৰ কেৰিয়াৰ ! সেহৱাগে ক’লে কেতিয়াও নোকোৱা এই কথা....

শেষ হ’ল বিৰাটৰ কেৰিয়াৰ ! সেহৱাগে ক’লে কেতিয়াও নোকোৱা এই কথা….

 

 

শেষ হ’ল নেকি বিৰাট কোহলিৰ ক্ৰিকেট কেৰিয়াৰ ! বিফলতাৰ ধাৰাবাহিকতা অব্যাহত ৰখা কিং কোহলি সময়ৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম হৈছে ।  সদ্য সমাপ্ত আই পি এল-২০২২ ত দুৰ্বল প্ৰদৰ্শনে কেৱল বিৰাট কোহলিকে নহয়, তেওঁৰ অনুৰাগী তথা দলীয় মেনেজমেণ্টক চিন্তিত কৰি তুলিছে ।

এনে পৰিস্থিতিত বিৰাটক এতিয়া প্ৰয়োজন সাহস দিয়া সতীৰ্থৰ । সামাজিক মাধ্যমৰ উপৰি সংবাদ মাধ্যমত বিৰাটৰ দুৰ্বল ফৰ্মক লৈ বহুতে সমালোচনা কৰিলেও ভাৰতীয় দলত বিৰাটৰ প্ৰয়োজনীয়তা কিমান সেই কথা সকলোৱে জানে ।
সেয়েহে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বিস্ফোৰক অপেনাৰ বীৰেন্দ্ৰ সেহৱাগে পোনপটিয়াকৈ বিৰাটৰ কাষত থিয় দিছে । সেহৱাগে বিৰাটক সাহস দিয়াৰ লগতে কেতিয়াও ক’তো নোকোৱা নিজৰ কেৰিয়াৰৰ এক গোপন অধ্যায়ো মুকলি কৰি দিছে ।

বিৰাটে এতিয়া যিদৰে নিজৰ হেৰুওৱা ছন্দ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে, ঠিক তেনেদৰেই এসময়ত বীৰেন্দ্ৰ সেহৱাগেও নিজৰ ছন্দ হেৰুৱাইছিল । কেৱল বেটিং ছন্দ হেৰুওৱাই নহয়, দলৰ পৰাও বাদ পৰিবলগীয়া হৈছিল । হতাশা আৰু দুঃচিন্তাই দিল্লীৰ বিধ্বংসী বেটছমেন সেহৱাগক অৱসৰ লোৱাৰ সিদ্ধান্ত ল’বলৈ বাধ্য কৰিছিল ।

বিশেষকৈ সেহৱাগতকৈ বহু পিছত দললৈ আহি অধিনায়কৰ দায়িত্ব লাভ কৰা মহেন্দ্ৰ সিং ধোনীয়ে তেওঁক দলৰ পৰা বাদ দিব এই কথাক সহজভাৱে ল’ব পৰা নাছিল সেহৱাগে । যি কথাই দিনে নিশাই আমনি কৰিছিল তেওঁক ।

এনে পৰিস্থিতিত ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা সেহৱাগে তেওঁৰ এই সিদ্ধান্ত ৰাজহুৱা কৰাৰ পূৰ্বে ক্ৰিকেট ঈশ্বৰ শচীন তেণ্ডুলকাৰৰ আগত প্ৰকাশ কৰিছিল । কিন্তু শচীন তেণ্ডুলকাৰে জানিছিল সেহৱাগৰ সক্ষমতা । সেহৱাগৰ পৰা যে দেশে আৰু বহু কিবাকিবি লাভ কৰিবলৈ বাকী আছে, সেই কথা উপলব্ধি কৰিয়েই শচীনে সেহৱাগক অৱসৰৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ কৈছিল । সেহৱাগৰ কাষত থিয় দি সাহস দিছিল । যাৰ পিছত সেহৱাগে সলনি কৰিছিল নিজৰ সিদ্ধান্ত ।

এই ঘটনা ঘটিছিল ২০০৮ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেল্থ বেংক ত্ৰিদেশীয় শৃংখলাৰ সময়ত । সেই শৃংখলাৰ প্ৰথম চাৰিখন মেচত সেহৱাগৰ বেটৰ পৰা অহা নাছিল এটাও অৰ্ধশতক । যাৰ বাবে দলৰ পৰা বাদ পৰিবলগীয়া হৈছিল সেহৱাগ ।

ধোনীয়ে সেহৱাগক বাদ দি অ’পেনিঙৰ দায়িত্ব ৰোহিত শৰ্মা, গৌতম গম্ভীৰৰ হাতত অৰ্পণ কৰিছিল । মিডল অৰ্ডাৰত ৰবীন উত্থাপা আৰু যুৱৰাজক স্থান দিছিল ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

সেই সময়ত বীৰেন্দ্ৰ ছেহৱাগে তেতিয়াৰ মুখ্য নিৰ্বাচক কৃষ্ণমাচাৰী শ্ৰীকান্তৰ সৈতেও কথা পাতিছিল । বীৰেন্দ্ৰ ছেহৱাগে কৈছে- ‘শ্ৰীকান্তে মোক কৈছিল-তুমি কি কৰিব বিচাৰা ? মই উত্তৰ দিছিলো- মই ভাৱো মই ভাল ফৰ্মত আছোঁ কিন্তু মোক বাছনি কৰা হোৱা নাই, গতিকে মই আৰু কি কৰা উচিত ? আপুনি মোক দলত তেতিয়াহে বাছনি কৰিব যেতিয়া আপুনি মোক সকলো মেচতে সুযোগ দিব পাৰিব । যদি আপুনি সেইটো কৰিব নোৱাৰে, মোক বাছনি নকৰিব ।‘

সেহৱাগে কৈছে তেওঁৰ এই কথাৰ পিছতে, শ্ৰীকান্তে তেতিয়া ধোনীৰ সৈতে এই বিষয়ে কথা পাতিছিল । ধোনীয়েও শ্ৰীকান্তৰ সৈতে কথা পতাৰ পিছত সেহৱাগক সকলো মেচ খেলাৰ সুযোগ দিছিল । তাৰ পিছতেই পুনৰ আৰম্ভ হৈছিল সেহৱাগৰ বেটিং ধুমুহা ।

আৰু অধিক পঢ়ক

২০০৮ৰ সেই কমনৱেল্থ বেংক ত্ৰিদেশীয় টুৰ্ণামেণ্টৰ পিছতে আৰম্ভ হোৱা এছিয়া কাপত পাকিস্তান আৰু বাংলাদেশৰ বিৰুদ্ধে সেহৱাগে দুটা অৰ্ধশতক আৰু এটা শতক সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । অৱশ্যে সেইবাৰ এছিয়া কাপত শ্ৰীলংকাৰ হাতত ভাৰত পৰাজিত হৈছিল যদিও সেহৱাগে তাৰ পিছত বহু দিনলৈ আৰু থমকি ৰ’বলগীয়া নহ’ল ।

এই কাহিনী সেহৱাগে উল্লেখ কৰি বিৰাটৰ কাষত থিয় দিছে । সেহৱাগৰ মতে বিৰাট এতিয়াও শেষ হৈ যোৱা নাই । বিৰাটৰ মাজত এতিয়াও বহু সম্ভাৱনা আছে । শীঘ্ৰেই বিৰাট পুনৰ নিজৰ ফৰ্মলৈ ঘূৰি আহিব ।

 

 

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments