Tuesday, October 4, 2022
HomeNewsশোণিতপুৰত জিলা কাৰাটে প্ৰতিযোগিতা

শোণিতপুৰত জিলা কাৰাটে প্ৰতিযোগিতা

শোণিতপুৰত জিলা কাৰাটে প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন: শোণিতপুৰত জিলা কাৰাটে প্ৰতিযোগিতা । লক্ষ্য ৰাজ্যিক চেম্পিয়নশ্বিপ । ৫ শতাধিক খেলুৱৈৰ অংশগ্ৰহণ ।

শোণিতপুৰ জিলা কাৰাটে সন্থাৰ সহযোগত তথা ঢেকিয়াজুলি আশিহাৰা কাৰাটে ক্লাবৰ উদ্যোগত ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত অনুষ্ঠিত হ’ল ত্ৰয়োদশ সংখ্যক “শোণিতপুৰ জিলা কাৰাটে প্ৰতিযোগিতা” । যোৱা ৩ আৰু ৪ ছেপ্টেবৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত সমাবেশ ঘটিল প্ৰায় ৫০০ গৰাকী খেলুৱৈৰ । জিলাখনৰ ২২ টাকৈ ক্লাবে অংশগ্ৰহণ কৰিলে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত । সকলো খেলুৱৈয়ে বিভিন্ন শাখাত শ্ৰেষ্ঠত্বৰ দৌৰত অৱতীৰ্ণ হ’ল । সকলোৰে চকুত পদক জয়ৰ সপোন —

যিসকলে এই প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰিব তেওঁলোকে ৰাজ্যিক প্ৰতিযোগিতাৰ বাবে বাচনি হ’ব । লগতে ৰাজ্যিক প্ৰতিযোগিতাৰ বছা বছা খেলুৱৈসকলে পৰ্যায় ক্ৰমে নৰ্থ ইষ্ট অলিম্পিক, অসম অলিম্পিক ছিনিয়ৰ আদি প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব । এই কথা জনালে উদ্যোক্তাই —

 

ক্ৰীড়া অনুৰাগীৰ আশা — এনে প্ৰতিযোগিতাৰ জৰিয়তে সৃষ্টি হওক নৱপ্ৰজন্মৰ সমৰকলাৰ খেলুৱৈৰ । আন্তৰ্জাতিক ক্ৰীড়াৰ দিশে অগ্ৰসৰ হওক অসমৰ উদিত প্ৰতিভা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments