তুষাৰ প্ৰতিম, তেজপুৰ
সৰুসজাইস্থিত ইন্দিৰাগান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত পদক লাভেৰে শোণিতপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰিমঝিম শইকীয়াই। শোণিতপুৰ জিলাৰ বিহগুৰি অঞ্চলৰ খেলুৱৈ ৰিমঝিমে প্ৰতিযোগিতাখনৰ ১৪ বছৰ অনূৰ্ধ্বৰ ৬০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় প্ৰতযোগিতাত এথলেটিকছত পদক লাভ কৰা সম্ভৱতঃ ৰিমঝিমেই শোণিতপুৰৰ প্ৰথমগৰাকী এথলিট।

বিহগুৰি-বাঁহবাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলুৱৈ ৰিমঝিমে প্ৰথমে মৃদুল মণি দাসৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাজ্যিক প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছিল। ১২ ডিচেম্বৰত সৰুসজাইস্থিত এথলেটিকছ ষ্টেডিয়ামত অসম এথলেটিকছ সন্থাই অনুষ্ঠিত কৰা “অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট টেলেণ্ট স্কাউটিং” প্ৰতিযোগিতাত তেজপুৰ জিলা ক্ৰীড়া সন্থাক প্ৰতিনিধিত্ব কৰি ৪০০ মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি একেখন ষ্টেডিয়ামতে অনুষ্ঠিত হোৱা ইষ্ট জ’ন বাচনি শিবিৰলৈ নিৰ্বাচিত হয় আৰু নিপন দাসৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি পৰৱৰ্তী সময়ত ইষ্ট জ’ন প্ৰতিযোগিতাত ৬০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত ৰিমঝিমে নিপন দাসৰ তত্বাৱধানতে সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত প্ৰশিক্ষণ গ্ৰহণ কৰি নিজকে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনলৈ সাজু কৰি তোলে আৰু প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
বিহগুৰিৰ জীৱন শইকীয়া আৰু নিতুমণি শইকীয়াৰ কন্যা ৰিমঝিমে আগন্তুক সময়ত অসম তথা দেশক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সফলতা প্ৰাপ্তিৰ সপোন পুহি ৰাখিছে। ‘ধিং এক্সপ্ৰেছ’ হিচাপে খ্যাত হিমা দাসক নিজৰ আদৰ্শ হিচাপে লোৱা ৰিমঝিমে নিজকে ভৱিষ্যতে এগৰাকী সফল এথলিট হিচাপে গঢ়ি তুলিব বিচাৰে। বিহগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰিমঝিমৰ ক্ৰীড়া জীৱনৰ যাত্ৰা আশা কৰাধৰণেই দীৰ্ঘস্থায়ী হওক। ভৱিষ্যত সময়ত ৰিমঝিম উজলি উঠক ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত।