Tuesday, October 4, 2022
HomeNewsশ্বাহিদ আফ্ৰিদীৰ অভিযোগঃ শ্বাহিনৰ দৰে ক্ৰিকেটাৰৰো চিকিৎসাৰ খৰচ বহন নকৰে পিচিবিয়ে!

শ্বাহিদ আফ্ৰিদীৰ অভিযোগঃ শ্বাহিনৰ দৰে ক্ৰিকেটাৰৰো চিকিৎসাৰ খৰচ বহন নকৰে পিচিবিয়ে!

অলিম্পিয়া প্ৰতিবেদন

পাকিস্তানৰ ক্ৰিকেট জগতত তীব্ৰ জোকাৰণি । সমালোচনাৰ সন্মুখীন হৈছে পাকিস্তানী ক্ৰিকেট বৰ্ড । শ্বাহীন আফ্ৰিদীৰ দৰে তাৰকা বলাৰৰো চিকিৎসাৰ খৰচ বহন নকৰে পাক ক্ৰিকেট বৰ্ডে !

বৰ্তমান পাকিস্তানৰ শ্ৰেষ্ঠ বলাৰ হিচাপে পৰিগণিত হৈছে যুৱ ক্ৰিকেটাৰ শ্বাহিন আফ্ৰিদী । এইগৰাকী বাঁওহতীয়া পেচাৰে দুৰ্দান্ত বলিঙেৰে দলটোক জয়ৰ সোৱাদ দিয়াৰ শক্তি আছে । খেলপথাৰত বিপক্ষৰ বেটাৰৰ ভয়ৰ কাৰণ হৈ পৰিছে শ্বাহিন আফ্ৰিদী । এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে— এনে এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন তাৰকাক চিকিৎসাৰ ক্ষেত্ৰত পাকিস্তান ক্ৰিকেট বৰ্ডে কৰিছে নেকি এলাগী ? প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ শ্বাহীদ আফ্ৰিদীৰ এক ভাষ্যই তাকেই যেন উদঙাই দিলে ।
পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীয়ে পাক ক্ৰিকেট বৰ্ডৰ বিৰুদ্ধে আনিছে এনে এক গুৰুতৰ অভিযোগ । বৃহস্পতিবাৰে শ্বাহিদ আফ্ৰিদীয়ে প্ৰকাশ কৰে যে -শ্বাহিন আফ্ৰিদীয়ে নিজা খৰচত চিকিৎসাৰ বাবে লণ্ডনলৈ গৈছিল । কিন্তু এই ক্ষেত্ৰত অলপো সহায় নকৰিলে পিচিবিয়ে । এই মন্তব্যৰ পাছতে পাক ক্ৰিকেট বৰ্ডক সমালোচনাৰে থকাসৰকা কৰিছে পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ৱাছিম আক্ৰামে ।

আক্ৰামে সংবাদ মাধ্যম যোগে কয় এনেদৰে, ” শ্বাহীন আমাৰ অন্যতম শীৰ্ষ খেলুৱৈ, তেওঁৰ খবৰ লোৱাটো পাক ক্ৰিকেট বৰ্ডৰ দায়িত্ব । শ্বাহীনৰ আঘাত ধৰা পৰাৰ লগে লগে বিশ্বৰ কেইজনমান শ্ৰেষ্ঠ অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ ওচৰলৈ পঠিয়াব লাগিছিল । যদিহে আমিয়েই লৰাটোত নাচাওঁ আৰু যদি এইটো সঁচা হয় তেন্তে ই অতিমাত্ৰা হৈছে । মই আচৰিত হৈছো ।”

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শ্বাহিদ আফ্ৰিদীয়ে শ্বাহীন আফ্ৰিদীৰ সন্দৰ্ভত সংবাদ মাধ্যমত মত ৰাখিছিল এনেদৰে- ” মইয়েই শ্বাহীনক লণ্ডনত ডাক্তৰ বিচাৰি সহায় কৰিছিলো । তেওঁ নিজেই ইংলেণ্ডলৈ টিকট সংগ্ৰহ কৰিছিল আৰু নিজা খৰছত হোটেলত ৰূম লৈছিল । মই শ্বাহীনৰ বাবে এজন ডাক্তৰৰ ব্যৱস্থা কৰি দিছিলো । এই ক্ষেত্ৰত পাকিস্তান ক্ৰিকেট বৰ্ডে একো কৰা নাছিল ।”

পাকিস্তানী প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহীদ আফ্ৰিদীৰ এই বিস্ফোৰণে বিশ্বৰ ক্ৰিকেট ক্ষেত্ৰক তোলপাৰ লগোৱাৰ লগতে সমালোচনাৰ বলি হৈছে পাক ক্ৰিকেট বৰ্ড । শ্বাহীদ আফ্ৰিদীৰ এই অভিযোগ কিমান দূৰ সত্য ? যদিহে এয়া সঁচা হয়, পাকিস্তানী ক্ৰিকেট বৰ্ডে শিক্ষা লোৱা উচিত । দেশক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই অনা এগৰাকী তাৰকা ক্ৰিকেটাৰৰ প্ৰতি প্ৰাক ক্ৰিকেট বৰ্ডৰ ‌এনেধৰণৰ অৱহেলাক ধিক্কাৰ দিছে পাকিস্তানৰ একাংশ ক্ৰিকেট অনুৰাগীয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments