Tuesday, October 4, 2022
HomeNewsশ্ৰীকৃষ্ণ হৈ মুম্বায়ে অভিশাপৰ পৰা মুক্তি দিলে আৰ চি বি আৰু...

শ্ৰীকৃষ্ণ হৈ মুম্বায়ে অভিশাপৰ পৰা মুক্তি দিলে আৰ চি বি আৰু দিল্লীক

শ্ৰীকৃষ্ণ হৈ মুম্বায়ে অভিশাপৰ পৰা মুক্তি দিলে আৰ চি বি আৰু দিল্লীক

অলিম্পিয়া স্পৰ্টছ: কৃষ্ণৰ ৰূপত মুম্বাই ইণ্ডিয়ানছ । কালিয় দমনৰ নাগ ৰূপত ৰয়েল চেলেঞ্জাৰ বেংগালুৰু আৰু দিল্লী ডেয়াৰ ডেভিলছ ( দিল্লী দলৰ পুৰণি নাম ) । মুম্বাইৰ পদস্পৰ্শত যেন দুয়ো দলে মুক্তি পালে এক বৃহৎ লজ্জাৰ পৰা । যি লাজ আই পি এলৰ পৃষ্ঠাত যোৱা বৃহস্পতিবাৰলৈকে খোদিত আছিল এক অবাঞ্চিত ৰূপত ।
চলিত ছিজনৰ আই পি এলত আৰম্ভণিৰে পৰা ব্যৰ্থতাৰ পাছত ব্যৰ্থতা অৰ্জন কৰিছে পূৰ্বৰ ৫ বাৰৰ চেম্পিয়ন মুম্বাই দলে । মুম্বাইৰ অধিনায়ক তথা হিটমেন ৰোহিতে শৰ্মাইও ৰোধিব পৰা নাই পৰাজয়ৰ ধাৰাবাহিকতা ।

আৰু অধিক পঢ়ক

এখন দুখন নহয় একে লেথাৰিতে ৭ খন মেচত পৰাজয় স্বীকাৰ কৰি মুম্বায়ে ব্যৰ্থতাৰ অভিলেখৰ পৰা মুক্তি দিলে আৰ চি বিৰ লগতে দিল্লীক আৰু ইয়াৰ জৰিয়তে আই পি এলৰ ইতিহাসত পৰাজয়ৰ শীৰ্ষ স্থান দখল কৰিলে মুম্বাইয়ে । ইয়াৰ পূৰ্বে ক্ৰমাগতভাৱে আৰম্ভণিৰে পৰা ৬ খনকৈ মেচত পৰাজয় বৰণ কৰি ২০১৯ ত আৰ চি বি আৰু ২০১৩ ত দিল্লীৰ নামত আছিল এই অভিশাপ । কিন্তু যোৱা বৃহস্পতিবাৰে চেন্নাইৰ বিৰুদ্ধে অনুষ্ঠিত সপ্তমখন মেচতো পৰজয়ৰ মালা পিন্ধি পূৰ্বৰ দুয়োটা দলৰ পৰা আঁজুৰি আনিলে এই অবাঞ্চিত স্থান ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখ্য যে আই পি এলত এইদৰে পৰাজয়ৰ ধাৰা অব্যাহত ৰখাতো মুম্বাই বুলিয়ে নহয় আৰু বহু দল দেখা যায় । একেলেথাৰিতে ২০১২ ত ৯ খন মেচত পৰাজিত হৈ বৰ্তমান ভংগ কৰি দিয়া পুণে ৱাৰিয়ৰ্ছ দলে গঢ়ি থৈছে এক অন্য অভিলেখ । কিন্তু ইয়াৰ মাজত কেতবোৰ পাৰ্থক্য দেখা যায় । কাৰণ ২০১২ চনত পুণে দলে প্ৰথম কেইখনমান মেচত জয়লাভ কৰিহে শেষৰ ৯ খন মেচত পৰাজয় হৈছিল । আনহাতে ২০১৪ত দিল্লীয়ে শেষৰ ৯ খনত, ২০০৯ ত কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথম মেচত জয়লাভ কৰি মাজৰ ৯ খনত পৰাজিত হৈ আই পি এলৰ ইতিহাসত নিৰ্লজ্জভাৱে লিখি ৰাখিছে নিজৰ নাম ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments