শ্ৰীলংকা ভ্ৰমণ কৰিবলগীয়া সাম্ভাব্য ভাৰতীয় দলটো

১৬ মে’, গুৱাহাটী: বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে শেহতীয়াকৈ এক সংবাদমেলত প্ৰকাশ কৰিছিল যে চলিত বৰ্ষৰ জুলাই মাহৰ শেষৰ ফালে টীম ইণ্ডিয়াৰ এটা দলক সীমিত অভাৰৰ খেলৰ বাবে শ্ৰীলংকাভ্ৰমণলৈ পঠিয়াব। গাংগুলীৰ এই ঘোষণাৰ পিছতে ক্ৰিকেট মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছিল। কিয়নো এই সময়ছোৱাত ভাৰতীয় দলটো ব্যস্ত থাকিব ইংলেণ্ডত। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে ইংলেণ্ড ভ্ৰমণলৈ যোৱা ভাৰতীয় দলটোৱে চেম্পিয়নশ্বিপখনৰ পিছতেই ইংলেণ্ডৰ বিপক্ষে শৃংখলাত নামিব। গতিকে সেই সময়ত ভাৰতীয় দলটো শ্ৰীলংকা ভ্ৰমণ কিদৰে সম্ভৱ! প্ৰকৃততে গাংগুলীয়ে ভাৰতৰ শীৰ্ষ খেলুৱৈৰ অনুপস্থিতিত নৱাগত খেলুৱৈৰে গঠিত এটা দলকহে শ্ৰীলংকা ভ্ৰমণলৈ পঠিওৱাৰ কথা চিন্তা কৰিছে। এই দলটোৱে শ্ৰীলংকাৰ বিপক্ষে ৩ খন এদিনীয়া আৰু সমসংখ্যক টি-২০ শৃংখলাত অংশগ্ৰহণ কৰিব।

শ্ৰীলংকা ভ্ৰমণ কৰিবলগীয়া এই দলটোৱে বিৰাট কোহলি, ৰোহিত শৰ্মা, কে এল ৰাহুল, ৰবীন্দ্ৰ জাডেজা, বুমৰাহ আদিৰ দৰে আগশাৰীৰ খেলুৱৈৰ অনুপস্থিতিত কিদৰে প্ৰদৰ্শন দাঙি ধৰিব বা তেওঁলোকৰ স্থানত কোন কোন ক্ৰিকেটাৰে স্থান লাভ কৰিব এই চিন্তাই ক্ৰিকেট প্ৰেমিৰ মনত ক্ৰিয়া কৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, বি চি চি আইৰ সূত্ৰ আৰু ক্ৰিকেট বিশেষজ্ঞৰ ধাৰণা অনুসৰি শ্ৰীলংকা ভ্ৰমণ কৰিবলগীয়া দলটোত কেইবাখনো নতুন মুখ দেখিবলৈ পোৱা যাব। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰিব কেইবাজনো নতুন ক্ৰিকেটাৰে। ইয়াৰ উপৰিও ইংলেণ্ড ভ্ৰমণত স্থান লাভ নকৰা একাংশ ক্ৰিকেটাৰেও স্থান লাভ কৰিব এই ভ্ৰমণত।

শ্ৰীলংকা ভ্ৰমণ কৰিবলগীয়া এই সম্ভাব্য দলটোৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বেই জনাই ল‌ও আন এক আকৰ্ষণীয় খবৰ। জানিব পৰা মতে এই দলটোৰ প্ৰশিক্ষক হিচাপে শ্ৰীলংকালৈ যাব ‘দ্যা ৱাল’ হিচাপে খ্যাত ৰাহুল দ্ৰাবিড়।

সম্ভাব্য দলটোৰ অধিনায়ক : জানিব পৰা মতে অভিজ্ঞতা আৰু জ্যেষ্ঠতাৰ ভিত্তিত শিখৰ ধাৱানকেই এই দলটোৰ নেতৃত্ব প্ৰদান কৰিব বি চি চি আইয়ে। ইতিমধ্যে ধাৱানে ভাৰতীয় দলটোৰ উপ অধিনায়ক আৰু আই পি এলত অধিনায়ক হিচাপে দায়িত্ব পালন কৰি অভিজ্ঞতা আহৰণ কৰিছে। ইয়াৰ উপৰিও তেওঁ ধাৰাবাহিকভাবে ভাৰতীয় দলটোৰ হৈ খেলি আহিছে। গতিকে অধিনায়কৰ দায়িত্ব ধাৱানৰ হাতলৈ যোৱাটো নিশ্চিত। একদৰে এই দলটোৰ উপ উপ অধিনায়কৰ দায়িত্ব দিব পাৰে হাৰ্দিক পাণ্ডিয়াক।

অপেনাৰ : শিখৰ ধাৱান, পৃথ্বী শ্ব’ আৰু দেৱদূত পাড়িকল। (চৰ্চাত থকা অনুসৰি)

যিহেতু শ্ৰীলংকা ভ্ৰমণত শিখৰ ধাৱানৰ স্থান নিশ্চিত গতিকে টীম ইণ্ডিয়াৰ এদিনীয়া আৰু টি-২০ দলৰ নিয়মীয়া সদস্য ধাৱান যে নিৰ্বাচকৰ প্ৰথম পচন্দৰ অপেনাৰ হ’ব সেয়া নিশ্চিত। যিহেতু ধাৱানৰ লগত ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ ভিতৰত এজনো নাথাকিব সেয়েহে এই দলটোত আমি দুজন নতুন সদস্য দেখা পোৱাটোও নিশ্চিত। দলটো

সম্ভাৱ্য দলটোৰ অপেনাৰসকললৈ লক্ষ্য কৰিলে, পৃথ্বী শ্ব নিশ্চিতভাৱে দলটোৰ দ্বিতীয় অপেনাৰ হ’ব লাগে। তেওঁ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফী (২০২১) ত আৰু আই পি এল ২০২১ত অত্যন্ত ভাল প্ৰদৰ্শন কৰিছে। শ্ব’ৰ উপৰিও আমি দেৱদত্ত পড়িকলক দলটোৰ তৃতীয় অপেনাৰ হিচাপে দেখা পাব পাৰোঁ।

মিডল-অৰ্ডাৰ: সূৰ্য কুমাৰ যাদৱ, ঈশান কিষাণ, মনীষ পাণ্ডে, সঞ্জু চেমচন, হাৰ্দিক পাণ্ডিয়া আৰু দিনেশ কাৰ্তিক (চৰ্চাত থকা অনুসৰি)

শ্ৰীলংকা ভ্ৰমণ কৰিবলগীয়া দলটোৰ মিডল-অৰ্ডাৰৰ ক্ৰিকেটাৰসকলৰ বেছিভাগেই ভাৰতীয় দলটোৰ নিয়মীয়া সদস্যক হ’ব পাৰে, যিসকলে ভাৰতক পূৰ্বে আন্তঃৰাষ্ট্ৰীয় মেচত প্ৰতিনিধিত্ব কৰিছে আৰু ইংলেণ্ড ভ্ৰমণত স্থান লাভ কৰিব পৰা নাই। অৱশ্যে, ইংলেণ্ড ভ্ৰমণত স্থান লাভ নকৰা এগৰাকী নিয়মীয়া খেলুৱৈ শ্ৰেয়াস আয়াৰক শ্ৰীলংকা ভ্ৰমণৰ সময়তো আমি দেখিবলৈ নাপাম। কিয়নো অস্ত্ৰোপচাৰ সম্পন্ন হোৱা আয়াৰক সম্পূৰ্ণ সুস্থ হ’বলৈ এতিয়াও প্ৰায় তিনিমাহ সময়ৰ প্ৰয়োজন। আয়াৰ দলত থকা হ’লে নিশ্চিতভাৱে তেওঁৰ নাম অধিনায়কৰ বাবে চৰ্চালৈ আহিলে হয় আৰু নিৰ্বাচকেও তেওঁক এই দায়িত্ব দি সুখী অনুভৱ কৰিলে হয়।

চৰ্চাত থকা সূৰ্যকুমাৰ যাদৱ আৰু ঈশান কিষাণে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰা শৃংখলাত ইংলেণ্ডত বিৰুদ্ধে উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। সেয়েহে, তেওঁলোক দুয়োজনকে নিশ্চিতভাৱে এই ভ্ৰমণৰ বাবে বাছনি কৰিব। মনীষ পাণ্ডে আৰু সঞ্জু চেমছন নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰা ভাৰতীয় দলৰ অংশ আছিল, কিন্তু দুৰ্বল ফৰ্মৰ বাবে মূল একাদশৰ পৰা বাদ পৰিছিল। অৱশ্যে, অভিজ্ঞতা আৰু আই পি এলৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি দুয়োজনকে নিৰ্বাচকে শ্ৰীলংকা ভ্ৰমণলৈ পঠিয়াব পাৰে।

ভাৰতীয় দলৰ অন্যতম বৃহৎ শক্তি ৰবীন্দ্ৰ জাদেজা আৰু ঋষভ পন্ত ইংলেণ্ড ভ্ৰমণত ব্যস্ত থকাৰ বাবে শ্ৰীলংকা ভ্ৰমণ কৰিবলগীয়া দলত নাথাকিব। তেওঁলোক দুজনৰ অনুপস্থিতিত হাৰ্ডিক পাণ্ডিয়া আৰু দিনেশ কাৰ্তিকে জাডেজা আৰু পণ্টৰ অভাৱ দূৰ কৰিব পাৰে। অৱশ্যে পাণ্ডিয়াই এজন বেটছমেন হিচাপে খেলিব। পিঠিৰ আঘাতৰ বাবে তেওঁক বলিং কৰা দেখিবলৈ পোৱা নাযাব। আনহাতে দিনেশ কাৰ্তিকৰ উইকেট কীপিংৰ দক্ষতা আৰু এজন ভাল ফিনিচাৰ হোৱাৰ দক্ষতাই নিৰ্বাচকক আকৰ্ষিত কৰিব।

অলৰাউণ্ডাৰ: শিৱম দুবে, ক্ৰুণাল পাণ্ডিয়া আৰু ৰাহুল তেৱাটিয়া। (চৰ্চাত আছে)

চৰ্চাত থকা তিনিওগৰাকীৰ ভিতৰত শিৱম দুবে আৰু ৰাহুল তেৱাটিয়াৰ বাবে প্লেয়িং ১১ ত প্ৰৱেশ কৰাটো কিছু কঠিন হ’ব। ক্ৰুণাল পাণ্ডিয়াই দলৰ আগশাৰীৰ অলৰাউণ্ডাৰ হিচাপে প্লেয়িং ইলেভেনত স্থান লাভ কৰিব পাৰে। যিহেতু হাৰ্দিক পাণ্ডিয়া বৰ্তমান বলিং কৰিবলৈ উপযুক্ত নহয় গতিকে তেওঁৰ অভাৱ দূৰ কৰিব পাৰে ভাতৃ ক্ৰুণাল পাণ্ডিয়াই।

স্পিনাৰ: য়ুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ আৰু ৰাহুল চাহাৰ।

য়ুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ আৰু ৰাহুল চাহাৰ এই তিনিওজনে ইংলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ দলত স্থান লাভ কৰিছিল। সেয়েহে, তিনিওজনে শ্ৰীলংকা ভ্ৰমণ কৰাৰ সম্ভাৱনা সৰ্বাধিক। নিৰ্বাচকে তিনিওজনৰ ভিতৰত, চাহালক এদিনীয়া আৰু টি-২০ৰ বাবে পছন্দ কৰিব পাৰে। আনহাতে কুলদীপক এদিনীয়াৰ বাবে আৰু টি-২০ৰ বাবে ৰাহুল চাহাৰক অগ্ৰাধিকাৰ দিব পাৰে।

পেচাৰ: ভুৱনেশ্বৰ কুমাৰ, টি নটৰাজন, দীপক চাহাৰ, নৱদীপ চাইনী আৰু চেতন ছাকাৰিয়া।

যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ চিৰাজ আৰু শাৰ্দুল ঠাকুৰৰ অবিহনে, টীম ইণ্ডিয়া শ্ৰীলংকা শৃংখলাৰ বাবে যাব। এই কেইজন বলাৰৰ অভাৱ দূৰ কৰিব ভূৱনেশ্বৰ কুমাৰ, নটৰাজন, দীপক চাহাৰ নৱদ্বীপ চাইনী আৰু চেতন ছাকাৰিয়াই। শ্ৰীলংকা ভ্ৰমণত ভুৱনেশ্বৰ কুমাৰ আৰু দীপক চাহাৰে মুখ্য ভূমিকা ল’ব পাৰে। এই দুয়োজনক বাদ দি, টীম ইণ্ডিয়াই টি নটৰাজনক শৃংখলাটোৰ বাবে ফিট হোৱাটো আশা কৰিব। যদি নটৰাজনে সময়মতে ফিট হৈ নুঠে তেন্তে টীম ইণ্ডিয়াই কাৰ্তিক ত্যাগীক তেওঁৰ স্থানলৈ আমন্ত্ৰণ জনাব পাৰে। অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত নৱদ্বীপ চাইনী দলটোৰ চতুৰ্থ পেচাৰ হিচাপে খেলিব পাৰে।

অৱশ্যে, প্ৰত্যাশিত ৫ জন পেচাৰৰ ভিতৰত, চেতন ছাকাৰিয়া হৈছে এনে এগৰাকী পেচাৰ, যিয়ে পাৱাৰ প্লে’, ডেথ অভাৰত ৰিস্ক ল’ব পাৰে। আই পি এল ২০২১ ত পাৱাৰ প্লে’ আৰু ডেথ অভাৰত চেতনে নিজৰ বলিং শৈলীৰ দ্বাৰা সকলোকে প্ৰভাৱিত কৰিছিল। তদুপৰি, এগৰাকী বাওঁহাতৰ পেচাৰৰ হিচাপে চেতন ছাকাৰিয়াই নিৰ্বাচককো আকৰ্ষিত কৰিব পাৰে।

আনহাতে এই দলটোৰ প্ৰশিক্ষক হিচাপে যাব পাৰে ৰাহুল দ্ৰাবিড়। তেওঁৰ নাম ইতিমধ্যে চৰ্চালৈ আহিছে। আশা কৰা হৈছে দ্ৰাবিড় আৰু তেওঁৰ এন চি এ সহায়ক কৰ্মচাৰীসকলেও দলটোৰ সৈতে শ্ৰীলংকা ভ্ৰমণ কৰিব। এই দলটোৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় হ’ব বুলি প্ৰচাৰ চলাৰ লগে লগেই বহুতো ক্ৰিকেট অনুৰাগী সন্তুষ্ট হোৱা দেখা গৈছে।

ভাৰত বনাম শ্ৰীলংকাৰ সীমিত অভাৰৰ শৃংখলাৰ টীম ইণ্ডিয়াৰ সম্ভাব্য দলটো
বেটছমেন: দেৱদত্ত পডিক্কাল, দিনেশ কাৰ্তিক, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, মনীষ পাণ্ডে, পৃথ্বী শ্ব, সঞ্জু চেমচন, শিখৰ ধাৱান আৰু সুৰকীমাৰ যাদৱ
অলৰাউণ্ডাৰ: ক্ৰুণাল পাণ্ডিয়া, ৰাহুল তেৱাতিয়া আৰু শিৱম দুবে
বলাৰ: ভুৱনেশ্বৰ কুমাৰ, চেতন চাক্ৰিয়া, দীপক চাহাৰ, কুলদীপ যাদৱ, নৱদীপ চাইনী, ৰাহুল চাহাৰ, টি নটৰাজন আৰু যুজবেন্দ্ৰ চাহাল।
প্ৰশিক্ষক: ৰাহুল দ্ৰাবিড়,
অধিনায়ক: শিখৰ ধাৱান
উপ-অধিনায়ক: হাৰ্দিক পাণ্ডিয়া

Leave a Reply

Your email address will not be published. Required fields are marked *