Tuesday, July 5, 2022
HomeNewsশ্ৰেয়াছ আয়াৰৰ জীৱনলৈ আহিল নতুন সংগী!

শ্ৰেয়াছ আয়াৰৰ জীৱনলৈ আহিল নতুন সংগী!

শ্ৰেয়াছ আয়াৰৰ জীৱনলৈ আহিল নতুন সংগী!

অলিম্পিয়া প্ৰতিবেদন: কলকাতা নাইট ৰাইডাৰৰ্ছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ জীৱনলৈ আহিল নতুন সংগী । পিছে কোন এই জীৱন সংগী ! ক্ৰিকেট বিশ্বত তুমুল চৰ্চা । ২০২২ ছিজনৰ আই পি এলৰ পৰা খালী হাতে উভতিল শ্ৰেয়াছ আয়াৰৰ নেতৃত্বৰ দল কলকাতা নাইট ৰাইডাৰ্ছ ।চেম্পিয়নৰ পৰা বঞ্চিত হল কে কে আৰ । অধিনায়ক হিচাপে আয়াৰৰ প্ৰদৰ্শন আছিল মধ্যমীয়া ।

আৰু অধিক পঢ়ক

অন্তিমখন লীগ মেচত লক্ষ্ণৌৰ বিৰুদ্ধে আয়াৰে ২৯ টা বলত আয়াৰে কৰিছিল অৰ্ধশতক । পিছে এই অৰ্ধশতকেও দলটোক প্লে অফলৈ নিব নোৱাৰিলে ।কাৰণ এই বিশেষ মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হাতত ২ ৰাণত পৰাস্ত হয় আয়াৰ বাহিনী । ফলত চেম্পিয়নৰ আশা বুকুত বান্ধি আই পি এলৰ পৰা বিদায় ল’বলগীয়া হ’ল কে কে আৰে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

চেম্পিয়ন নহ’লেও থমকি ৰোৱা নাই শ্ৰেয়াছ আয়াৰ । ক্ৰিকেটৰ বাহিৰেও জীৱন উপভোগ কৰিবলৈ পছন্দ কৰে তেওঁ । আয়াৰৰ জীৱনলৈ আহিছে নতুন জীৱন সংগী । প্ৰকৃততে, ভাৰতৰ তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে ক্ৰয় কৰিছে এখন বিলাসী বাহন । বাহনখনৰ নাম –মাৰ্চিডিজ বেঞ্জ জি -৬৩ ।

এই বিশেষ গাড়ীখনৰ মূল্য ২.৪৫ কোটি টকা । নতুন বিলাসী গাড়ীখনৰ সৈতে শ্ৰেয়াছ আয়াৰৰ কেইবাখনো ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছে । মুম্বাইৰ মাৰ্চিডিজ বেঞ্জ লেণ্ডমাৰ্ক কাৰে গাড়ীৰ সৈতে আয়াৰৰ ফটো শ্বেয়াৰ কৰিছে । আয়াৰে হাহিমুখে গাড়ীৰ ছাবি গ্ৰহণ কৰা দেখা গৈছে এই বিশেষ ফটোত ।

ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি লেণ্ডমাৰ্ক কাৰছ মুম্বাই কোম্পানীয়ে লিখিলে –” ভাৰতীয় ক্ৰিকেটাৰ মিষ্টাৰ শ্ৰেয়াছ আয়াৰক অভিনন্দন, এখন নতুন মাৰ্চিডিজ বেঞ্জ জি ৬৩ ঘৰলৈ নিয়াৰ বাবে ।”উল্লেখযোগ্য যে, ক্ৰিকেট বিশ্বৰ অন্যান্য মহাতাৰকাৰ দৰে আয়াৰৰো আছে দামী গাডী কিনাৰ চখ ।তেওঁৰ গেৰেজত বিৰাজমান Lamborghini Huracan Supercar, Audi RS5 আদি বিলাসী বাহন।

আই পি এল অন্ত পৰাৰ পাছত এনেদেৰে নিজৰ চখ পূৰণ কৰিছে ভাৰতীয় ক্ৰিকেটৰ ছুপাৰষ্টাৰ গৰাকীয়ে । অনুৰাগীসকলৰ আশা– শ্ৰেয়াছ আয়াৰ ক্ৰিকেট বিশ্বত হৈ উঠক শ্ৰেষ্ঠ । কে কে আৰৰ আধৰুৱা সপোনবোৰ অহা ছিজনত সম্পূৰ্ণ হৈ পৰক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments