Friday, September 30, 2022
HomeNewsশ্ৰেয়াছ আয়াৰ বাহিনীৰ হাতত পৰাভূত সঞ্জু বাহিনী

শ্ৰেয়াছ আয়াৰ বাহিনীৰ হাতত পৰাভূত সঞ্জু বাহিনী

শ্ৰেয়াছ আয়াৰ বাহিনীৰ হাতত পৰাভূত সঞ্জু বাহিনী

অলিম্পিয়া প্ৰতিবেদন: দ্ৰুত গতিত চলিছে চলিত বৰ্ষৰ আই পি এলৰ মহাৰণ । যোগ্য প্ৰত্যুত্তৰেৰে ইটোক এৰি আগুৱাইছে সিটো দল । থমকি ৰোৱাৰ নাই কোনো ,কাৰো নাই অৱকাশ । এনে এক পৰিস্থিতিৰ মাজতে যোৱা সোমবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হয় ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ মেচ । টচত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা কলকাতাক জয়ৰ বাবে আৰ আৰে বান্ধি দিয়ে ১৫৩ ৰাণৰ টাৰ্গেট । কিন্তু আৰ আৰত যেন কমি গ’ল আৰু এটা আৰ । ব্ৰিটিছৰ বেহু ফালিব পৰাকৈ ডবল আৰত যেন নাই ৰাম চৰণ নতুবা জুনিয়ৰ এন টি আৰ । যাৰ বাবে ১০ খন মেচৰ ভিতৰত ৬ খনতে পৰাজয় বৰণ কৰা শ্ৰুয়েছ আয়াৰ বাহিনীকো পৰাস্ত কৰিবলৈ সক্ষম নহ’ল ডবল আৰ ।

আৰু অধিক পঢ়ক

আৰ আৰৰ হৈ অধিনায়ক সঞ্জু ছেমছনৰ ৫৪, ছিমৰণ হেটমায়াৰৰ ২৭, যছ বটলাৰৰ ২২ আৰু ৰিয়ান পৰাগৰ দুটা বৃহৎ অভাৰ বাউণ্ডেৰীৰে ১৯ ৰাণৰ বৰঙণি যেন অথলে গ’ল কলকাতাৰ সমুখত । সম্পূৰ্ণ অভাৰ খেলি ৫ উইকেটৰ বিনিময়ত মাত্ৰ ১৫৩ ৰাণৰ এটি দুৰ্বল টাৰ্গেট বান্ধি দিয়া আৰ আৰৰ ওপৰত যেন পূৰ্বে পৰাজিত ৫ খন মেচৰ ক্ষোভ উজাৰিলে কলকাতাই । কলকাতাৰ হৈ নিটিশ ৰাণাই ৩৭ টা বলত ৪৮, ৰিংকু সিঙে ২৩ টা বলত ৪২ আৰু অধিনায়ক শ্ৰেয়াছ আয়াৰে ৩২ টা বলত ৩৪ ৰাণৰ বৰঙণি আগবঢ়ায় । আনহাতে কলকাতা দলৰ হৈ বলিঙৰ ক্ষেত্ৰটো টিম ছাউথীয়ে ৪৬ ৰাণ ব্যয়েৰে ২ টা, উমেশ যাদবে ২৪ ৰাণ ব্যয়েৰে ১ টা আৰু অনুকুল ৰয়ে ২৮ ৰাণ ব্যয়েৰে ১ টা উইকেট দখল কৰিবলৈ সক্ষম হয় ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

olympia megazine

উল্লেখ্য যে সোমবাৰৰ মেচখনত আম্পায়াৰৰ লগতো আৰ আৰৰ অধিনায়ক সঞ্জুৰ কিছু মতভেদৰ দৃশ্যও পৰিলক্ষিত হয় । শেষৰ দুই অভাৰত কেইটামান ৱাইড বলক কেন্দ্ৰ কৰি সংঘটিত হয় এই মতভেদ । যাৰ বাবে এটা ৰিভিও লোৱাৰ দৃশ্যও দেখা যায় পিটছৰ মজিয়াত । কিন্তু এইখিনিতে এটা কথা স্পষ্ট যে মেচখনত আৰ আৰ দলে পৰাজয় বৰণ কৰিলেও পইণ্ট তালিকাত এতিয়াও তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈয়ে আছে সঞ্জু ছেমছন বাহিনী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments