Monday, October 3, 2022
HomeNewsশৰৎ সোণোৱাল সোঁৱৰণী আন্তঃক্লাব প্ৰবীণ ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সমাপ্তি

শৰৎ সোণোৱাল সোঁৱৰণী আন্তঃক্লাব প্ৰবীণ ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সমাপ্তি

https://olympiasports.in/

ডিব্ৰুগড় জিলা প্ৰবীণ ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত শৰৎ সোণোৱাল সোঁৱৰণী আন্তঃক্লাব প্ৰবীণ ক্ৰিকেট প্ৰতিযোগিতাখন সফল সমাপ্তি ঘটিছে। সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ সকলো ৰাজ্যতে দেখাদিয়া ক’ৰনা ভাইৰাছৰ আতংকৰ বাবে মুঠ ৮ টা দলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত প্ৰতিযোগিতাখন টি-১০ চুটি ফৰমেটেত দুদিনীয়াকৈ অনুষ্ঠিত হয়।

প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত ক্ৰিকেট ক্লাব অব ডিব্ৰুগড়ে পায়নিৰ্ছ স্প’ৰ্টিং ক্লাবক ৭ উইকেটত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

চূড়ান্ত খেলখনত পায়নিৰ্ছ স্প’ৰ্টিং ক্লাবে প্ৰথমে বেটিং কৰিবলৈ আহি ৫ উইকেটৰ বিনিময়ত ৯৮ ৰান সংগ্ৰহ কৰে। পায়নিৰ্ছ ক্লাবৰহৈ হাৰুণ কাজীয়ে অপৰাজিতভাৱে সৰ্বাধিক ৪১ ৰানৰ সংগ্ৰহ কৰে। ৯৯ ৰানৰ লক্ষ্য আগত লৈ ক্ৰিজত নমা ক্ৰিকেট ক্লাব অব ডিব্ৰুগড়ে ৯ অভাৰত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ক্ৰিকেট ক্লাব ডিব্ৰুগড়ৰ কামাখ্যা শ‌ইকীয়‌ই ৩৮, ৰমেশ কুমাৰে ১৮ আৰু সুমন দেৱে ২৩ ৰানৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়।মেচখনৰ আম্পায়াৰ হিচাপে আছিল সঞ্জয় দত্ত গুপ্ত আৰু ধনজিত সিং।

মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ লগতে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ক্ৰিকেট ক্লাব অব ডিব্ৰুগড়ৰ কামাখ্যা শ‌ইকীয়াই। আনহাতে শ্ৰেষ্ঠ বলাৰৰ সন্মান লাভ কৰে নবাব নজীমুল্লাই। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ সন্মান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে।

চূড়ান্ত খেলখনৰ অন্তত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে জ্ঞান প্ৰকাশ শৰ্মাই। সভাত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments