Friday, September 30, 2022
HomeNewsসগৌৰৱেৰে গুৱাহাটীত অইল ইণ্ডিয়া ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা

সগৌৰৱেৰে গুৱাহাটীত অইল ইণ্ডিয়া ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা

সগৌৰৱেৰে গুৱাহাটীত অইল ইণ্ডিয়া ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটীত অইল ইণ্ডিয়া ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা । বিভিন্ন ৰাজ্যৰ শতাধিক খেলুৱৈৰ অংশগ্ৰহণ । অসমৰ খেলুৱৈৰ প্ৰত্যয়জনক আৰম্ভণি । টেনিছ খেলুৱৈৰ হট শ্বটত জীপাল চচলৰ টেনিছ কৰ্ট অল ইণ্ডিয়া টেনিছ ‌এছচিয়েচনৰ সহযোগত তথা অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলত ৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ টুৰ্ণামেন্ট ।

অসমৰ উপৰি গুজৰাট, দিল্লী , উত্তৰ প্ৰদেশ, মিজোৰাম, চেন্নাই, অন্ধ্ৰপ্ৰদেশ, তেলেংগনা আদি ৰাজ্যৰ পৰা অহা খেলুৱৈৰ সমাবেশ ঘটিছে এই টুৰ্ণামেন্টত । ১৩৫ জন খেলুৱৈয়ে ক্ৰীড়াক্ষেত্রত নামি পৰিছে শ্ৰেষ্ঠত্বৰ দৌৰত । ১২ আৰু ১৪ বছৰ অনূৰ্দ্ধ ল’ৰা – ছোৱালীৰ শাখাত অনুষ্ঠিত হৈছে এই সবাংগসুন্দৰ প্ৰতিযোগিতাখন ।
প্ৰতিযোগিতাখনৰ সন্দৰ্ভত মন্তব্য কৰিছে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই —

প্ৰথম দিনাৰ প্ৰথম ৰাউণ্ডৰ খেলত অসমৰ খেলুৱৈসকলে সুন্দৰ আৰম্ভণি কৰিছে । সোমবাৰৰ দিনটোত অসমৰ প্ৰায় ১৫ গৰাকী খেলুৱৈয়ে উন্নত প্ৰদৰ্শনেৰে প্ৰি- কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে । অল ইণ্ডিয়া টেনিছ এছচিয়েচনৰ গাঁঠনিত এনে টুৰ্ণামেন্টৰ জৰিয়তে পইন্টৰ ব্যৱস্থা আছে । পইন্ট লাভ কৰি ৰেংকিঙৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত বাছনি হোৱাত সহায় কৰে এনে টুৰ্ণামেন্টে । অসমৰ টেনিছ খেলুৱৈয়ে এই টুৰ্ণামেন্টৰ জৰিয়তে সুবিধা লাভ কৰিব বুলি আশাবাদী অসম টেনিছ সন্থাৰ সম্পাদক জন প্ৰতিযোগিতাৰ দ্বিতীয় দিনা মংগলবাৰে অব্যাহত আছে বিভিন্ন ৰাউণ্ডৰ মেচ ।

চচল টেনিছ কৰ্টত মংগলবাৰে অনুষ্ঠিত হ’ব প্ৰায় 50 খন মেচ । এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেন্টখন নিৰীক্ষণ কৰিবলৈ কলকাতাৰ পৰা আহিছে আই টি এফ ৰেফাৰী আৰু আম্পায়াৰ সৈকত ৰয় । গুৱাহাটীৰ পৰা ১২ বছৰ অনূৰ্ধ ছোৱালীত অসমক প্ৰতিনিধিত্ব কৰিছে পলাক্ষী শইকীয়াই । হৰা – জিকাৰ কথা নাই । সকলো খেলুৱৈ শূন্যৰ পৰা আৰম্ভ কৰে বুলি মন্তব্য কৰিলে উদীয়মান টেনিছ খেলুৱৈ গৰাকীয়ে —

অসমত এই টুৰ্ণামেন্টত অংশগ্ৰহণ কৰি আনন্দিত উদীয়মান মহাৰাষ্ট্ৰৰ টেনিছ খেলুৱৈ । চচলৰ টেনিছ কৰ্টে আপ্লুত কৰিলে খেলুৱৈ গৰাকীক । ইফালে শিৱসাগৰ পৰা আহি ১২ আৰু ১৪ বছৰ অনূৰ্ধৰ ল’ৰাৰ দুয়োটা শাখাতে প্ৰতিযোগিতাত নামিছে এই গৰাকী খেলুৱৈ । প্ৰতিযোগিতা খন সন্দৰ্ভত পৰিবেশে আহ্লাদিত কৰিছে শিৱসাগৰৰ উদীয়মান টেনিছ খেলুৱৈগৰাকীক —

ক্ৰীড়া অনুৰাগীৰ আশা — অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ টুৰ্ণামেন্ট সাফল্যমণ্ডিত হওক । এনে টুৰ্ণামেন্টৰ আচলত ধৰি ক্ৰীড়াঙ্গনত জিলিকি পৰক অসমৰ উদিত টেনিছ খেলুৱৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments