Tuesday, October 4, 2022
HomeNewsসদৌ অসম মটক যুৱ ছাত্র সন্মিনৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ফুটবলৰ এমহীয়া প্ৰশিক্ষণ...

সদৌ অসম মটক যুৱ ছাত্র সন্মিনৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ফুটবলৰ এমহীয়া প্ৰশিক্ষণ কৰ্মশালা

সদৌ অসম মটক যুৱ ছাত্র সন্মিনৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ফুটবলৰ এমহীয়া প্ৰশিক্ষণ কৰ্মশালা

অলিম্পিয়া প্ৰতিবেদন: লাহোৱালৰ ছাগলীকটাত ফুটবল সংস্কৃতি । সদৌ অসম মটক যুৱ ছাত্র সন্মিনৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ফুটবলৰ এমহীয়া প্ৰশিক্ষণ কৰ্মশালা । উদীয়মান খেলুৱৈক ফুটবলৰ বুনিয়াদ শিকালে কলকাতাৰ ফুটবল প্ৰশিক্ষকে ।

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলা সমিতিৰ আৰু মদাৰখাত আঞ্চলিক সমিতিৰ সহযোগত সোমবাৰ দিনা লাহোৱালৰ ফুলামপুৰ যুৱ সংঘ আৰু ছাগলীকটা ব্ৰহ্মপুত্ৰ যুৱ সংঘৰ সৌজন্যত ফুটবল প্ৰশিক্ষণৰ অনুষ্ঠানটো সফল ভাৱে সামৰণি পৰে ।

একমাহ জুৰি অনুষ্ঠিত বিনামূলীয়া ফুটবল প্ৰশিক্ষণত মদাৰখাত মৌজাৰ বহুকেইটাৰ ফুটবল দলে অংশগ্ৰহণ কৰে । খেলুৱৈসকলক একমহীয়া ফুটবল প্ৰশিক্ষণ প্ৰদান কৰে কলকাতাৰ পৰা নিমন্ত্ৰণ কৰি অনা মুখ্য প্ৰশিক্ষক শেখৰ সৰকাৰে । অসমৰ কণ-কণ খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰি আনন্দিত প্ৰশিক্ষক গৰাকী —

উল্লেখযোগ্য যে, এই ফুটবল প্ৰশিক্ষণ কৰ্মশালাত প্ৰায় ১৩০ গৰাকী কিশোৰে অংশগ্ৰহণ কৰে ।
সোমবাৰ দিনা সামৰণি অনুষ্ঠানৰ চাবুৱা আৰু ব্ৰহ্মপুত্ৰ যুৱ সংঘৰ এফ চিৰ মাজত অনুষ্ঠিত খেলখন শুভ উদ্ধোধন কৰে ডিকমৰ বিশিষ্ট সমাজকৰ্মী তথা সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অজয় গগৈয়ে ।

এই সামৰণি অনুষ্ঠানৰ সভাতেই ক্ৰীড়া সংগঠক আৰু এমহীয়া ফুটবল প্ৰশিক্ষণত অংশগ্ৰহণ কৰা খেলুৱৈসকলক মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । এই প্ৰশিক্ষণ কৰ্মশালাক লৈ আশাবাদী সদৌ অসম মটক যুৱ ছাত্র ছাত্র সন্মিনৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি অজয় গগৈ —

ইফালে, সামৰণি অনুষ্ঠানত অতিথি হিচাপে কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক উজ্জ্বল গোহাঁই, ক্ৰীড়া সংগঠক দিগন্ত বৰুৱা, অৰুণ চেতিয়া, লাহোৱাল জিলা পৰিষদৰ সদস্য ভূপেন কুমাৰ গগৈ, ৰমাই গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰতি চেতিয়া, টিমনা গাঁও পঞ্চায়তৰ সভাপতি প্ৰাঞ্জল চাংমাইৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে । এনে পদক্ষেপৰ জৰিয়তে অসমত সবল যুৱ শক্তি প্ৰতিষ্ঠা হ’ব বুলি মন্তব্য কৰে লাহোৱাল জিলা পৰিষদৰ সদস্য ভূপেন কুমাৰ গগৈয়ে

সদৌ অসম মটক যুৱ ছাত্র সন্মিলনৰ এই পদক্ষেপক আদৰণীয় প্ৰদক্ষেপ বুলি অভিহিত কৰিলে ক্ৰীড়া সংগঠক দিলীপ বৰাই । এই ফুটবল সংস্কৃতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনালে উদ্যোক্তাক —

ক্ৰীড়া অনুৰাগীৰ আশা—- এনে ফুটবল কৰ্মশালাৰ আঁচলত ধৰি অসমত জন্ম হওক ফুটবল তাৰকাৰ । বৃহত্তৰ লাহোৱাল অঞ্চলত সূচনা হওক ফুটবল বিপ্লৱ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments