গুৱাহাটী ফেঞ্চিং সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা দ্বিতীয় গুৱাহাটী ফেঞ্চিং প্ৰতিযোগিতাখনি ৭ ফেব্ৰুৱাৰী, দেওবাৰে সফল সমাপ্তি ঘটিছে। গুৱাহাটীৰ নেহেৰুষ্টেডিয়ামস্থিত ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ চৌহদৰ অসম ফেঞ্চিং সন্থাৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে সন্থাৰ সভাপতি দূৰ্গাদাস বড়ো, অসম অলিম্পিক সন্থাৰ উপ-সভাপতিদ্বয় অনুপ চৌধুৰী, বিষ্ণুৰাম নুনিছা, গুৱাহাটী ক্ৰীড়া সন্থাৰ সম্পাদক ধ্ৰুৱ কলিতা, অসম হেণ্ডবল সন্থাৰ সম্পাদক উত্তম ব্ৰহ্ম আদি।

সন্থাৰ সম্পাদক বিপুল শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তীৰ জড়িয়তে জনাইছে যে প্ৰতিযোগিতাখনৰ বিভিন্ন শাখাত বিবেক সিংহ, ৰাছিকা দত্ত, ৰনবিৰ সিংহ, বলদেৱ সিংহ, মনদিপ দাস, ভাগ্যশ্ৰী নেওগী আৰু টিংকু কায়স্থই স্বৰ্ণ পদক লাভ কৰে। আনহাতে প্ৰতিযোগিতাৰ পুৰুষ শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে টিংকু কায়স্থই আৰু মহিলা শাখাত এই সন্মান লাভ কৰে ৰাছিকা দত্তই।
