গুৱাহাটীৰ হেঙেৰাবাৰী পাহাৰস্থিত মাংকী টেম্পল ট্ৰেইলত আজি অনুষ্ঠিত হৈ যায় তৃতীয় সংখ্যক অসম ডাউনহিল চেম্পিয়নশ্বিপ। অসমৰ গুৱাহাটী, নগাঁও, যোৰহাটৰ লগতে মেঘালয়,মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আদিৰ প্ৰায় ৩৫ জনকৈ খেলুৱৈয়ে ভাগ লোৱা প্ৰতিযোগিতাখনত ভাৰতৰ মাউন্টেইন বাইকিঙৰ অগ্ৰণী মুখ গৌতম টাউড়েও অংশগ্ৰহণ কৰে।

স্প’কহাব, পেডেল ফৰ এ চেঞ্জ আৰু হেকী টকীৰ উদ্যোগত প্ৰায় ডেৰ লক্ষাধিক প্ৰাইজমানীৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ হাৰ্ডটেইল শাখাত প্ৰথম স্থান লাভ কৰে মেঘালয়ৰ মেবান ছুইয়াম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে একেখন ৰাজ্যৰে টাইটাছ মাৰাক আৰু নিক’ল খাৰচেণ্ডিয়ে। বিপৰীতে, ফুল ছাচপেঞ্চন শাখাত অসমৰ ইছমামূল হকে প্ৰথম স্থান অধিকাৰ কৰে। দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে মহাৰাষ্ট্ৰৰ গৌতম টাউড়ে আৰু অসমৰ মালভ দত্তই।
উল্লেখযোগ্য যে, সাধাৰণতে পশ্চিমীয়া দেশসমূহত জনপ্ৰিয় ডাউনহিল দুঃসাহসিক ক্ৰীড়াই যোৱা কেইটামান বছৰত অসমতো জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ডাউনহিল হৈছে পাহাৰৰ ওখোৰা মোখোৰ বাটেৰে বিভিন্ন বাধা অতিক্রমী সম্পূৰ্ণ কৰা চাইকেল ৰেচ। ভাৰততে তুলনামূলকভাৱে নতুন এই দুঃসাহসিক ক্ৰীড়াক অসমত জনপ্ৰিয় কৰি তোলাৰ বাবে স্পকহাব, পেডেল ফৰ এ চেঞ্জ আদি সংগঠনসমূহে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ২০১৮ আৰু ২০১৯ চনত সফলতাৰে আছাম ডাউনহিল চেম্পিয়নশ্বিপ আয়োজিত হোৱাৰ পিছত তৃতীয় সংস্কৰণখনেও লাভ কৰে ক্ৰীড়া প্ৰেমী ৰাইজৰ বিপুল সমাদৰ।
