সফলতাৰে সামৰণি পৰিল পঞ্চম গিলবাৰ্টছন ছাংমা-দেবাশিষ ৰায় ট্ৰফী ফুটছাল। অসম ইলেক্ট্ৰনিক মিডিয়া স্প’ৰ্টছ জাৰ্নেলিষ্ট এচ’ছিয়েশ্বনৰ উদ্যোগত ২৮ফেব্ৰুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত চেম্পিয়নৰ খিতাপ দখল কৰে অসম পুলিচ দলে।
নেহেৰু ষ্টেডিয়ামস্থিত ৰাধাগোবিন্দ ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত ৩১ জানুৱাৰীৰ বিয়লি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখন অসম পুলিচ দল আৰু এ জি স্প’ৰ্টছৰ মাজত অনুষ্ঠিত হয়। মেতখনত অসম পুলিচ দলে এ জিক ১-০ ত পৰাস্ত কৰে।
প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান প্ৰয়াত নিৰ্মল নুনিছাৰ সোঁৱৰণত প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফুটবলাৰ গিলবাৰ্টছন ছাংমা আৰু দেবাশিষ ৰায়ক সন্মান জনোৱাৰ উদ্দেশ্য আগতলৈ অসম ইলেকট্ৰনিক মিডিয়া স্প’ৰ্টছ জাৰ্নেলিষ্ট এচ’ছিয়েশ্বনে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত গিলবাৰ্টছন ছাংমা, দেবাশিষ ৰায় নিজেই উপস্থিত থকাৰ উপৰিও AEMSJA ৰ উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, AEMSJA ৰ উপদেষ্টা তথা অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণুৰাম নুনিছা, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ জুৱেল বে’, আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ উপৰিও AEMSJA ৰ সভাপতি জয়ন্ত দাস, উপ সভাপতি কিশোৰ তালুকদাৰ, সম্পাদক বিপুল বৰ্মন, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন শাহা আদি উপস্থিত থাকে।
