সফলতাৰে সামৰণি পৰিল ৩৬সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা।সৰুসজাইস্থিত ইন্দিৰাগান্ধী এথলেটিকছ ষ্টেডিয়ামত ৬ ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিভাৱে শুভ উদ্বোধন কৰা প্ৰতিযোগিতাখন ১০ ফেব্ৰুৱাৰী সন্ধিয়া ৬ বজাত সামৰণি পৰে।
প্ৰতিযোগিতাখনত ২১ টা স্বৰ্ণ, ২০ টা ৰূপ আৰু ১৪ টা ব্ৰঞ্জৰ পদকেৰে হাৰিয়ানাই পদক তালিকাৰ শীৰ্ষস্থান দখল কৰে।আনহাতে তামিলনাডুৱে ১৩ টা স্বৰ্ণ, ১২ টাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদকেৰে তালিকাৰ দ্বিতীয় স্থান দখল কৰে। মধ্যপ্ৰদেশ, কেৰালা আৰু মহাৰাষ্ট্ৰই ক্ৰমে তৃতীয় চতুৰ্থ আৰু পঞ্চম স্থান দখল কৰিছে।

ইফালে আয়োজক অসমে ৭৮ জনীয়া এটা বৃহৎ দলেৰে প্ৰতিযোগিতাখনত ভাগলৈ ২টা ৰূপৰ পদক আৰু ৪ টা ব্ৰঞ্জৰ পদকেৰে অষ্টাদশ স্থানহে অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

অসমৰ হৈ জংছাৰ বসুমতাৰীয়ে ল’ৰাৰ ১৮ বছৰ অনূৰ্ধ্ব শাখাৰ হাই জাম্পত ৰূপৰ পদক আৰু ১৬ বছৰ অনূৰ্ধ্বৰ ১০০ মিটাৰ দৌৰত ইদুল হুছেইনে ৰূপৰ পদক দখল কৰে।আনহাতে ছোৱালীৰ অনূৰ্ধ্বৰ ১৪ বছৰ শাখাত ৰিমঝিম শইকীয়াই ৬০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক, ল’ৰাৰ ২০ বছৰ অনূৰ্ধ্বৰ ১০হাজাৰ মিটাৰ খোজকঢ়া প্ৰতিযোগিতাত বিক্ৰম দাসে ব্ৰঞ্জৰ পদক,১৪ বছৰ অনূৰ্ধ্বৰ ৬০মিটাৰ দৌৰত অংশুমান ভাগৱতীয়ে ব্ৰঞ্জৰ পদক আৰু ১৬ বছৰ অনূৰ্ধ্বৰ হাইজাম্পত ধৃতিষ্মান গোস্বামীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰতিযোগিতাখনৰ ল’ৰা আৰু ছোৱালীৰ ২০ বছৰ অনূৰ্ধ্ব শাখাত শ্ৰেষ্ঠ এথলিটৰ বঁটা লাভ কৰে অন্ধ্ৰপ্ৰদেশৰ যশোৱন্ত কুমাৰ এল আৰু উত্তৰাখণ্ডৰ অংকিতা ধ্যানীয়ে। ১৮ বছৰ অনূৰ্ধ্ব শাখাত ল’ৰাৰ শ্ৰেষ্ঠ এথলিটৰ বঁটা লাভ কৰে হাৰিয়ানাৰ ছান্যাম আৰু ছোৱালীৰ শাখাত তেলেংগানাৰ এ নন্দিনীয়ে।১৬ বছৰ অনূৰ্ধ্ব শাখাত ল’ৰাৰ শ্ৰেষ্ঠ এথলিটৰ বঁটা লাভ কৰিছে উত্তৰ প্ৰদেশৰ অনুৰাগ সিং কেলাৰ আৰু ছোৱালীৰ কৰ্ণাটকৰ পাভনো নাগৰাজে। ১৪ বছৰ অনূৰ্ধ্ব শাখাত ল’ৰাৰ শ্ৰেষ্ঠ এথলিটৰ বঁটা লাভ কৰিছে মধ্যপ্ৰদেশৰ হেমন্ত সিং ৰঘুবংশী আৰু ছোৱালীৰ শাখাত ৰুজলা ভোছলেই।

বুধবাৰে সন্ধিয়া সামৰণি পৰা প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক প্ৰধান সন্দীপ প্ৰধান, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ভৱেশ চন্দ্ৰ গোস্বামী, এছ বি আইৰ উত্তৰ মণ্ডলৰ মহাপ্ৰবন্ধক সুৰঞ্জনা দত্ত, এন আৰ এলৰ শীৰ্ষ বিষয়া মধুচন্দ্ৰা অধিকাৰী, অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু ক্ৰীড়া সঞ্চালক ধৰ্মকান্ত মিলি।