কৰনা মহামাৰীৰ বাবে এবছৰলৈ পিছুৱাই দিয়া হৈছিল টকিঅ’ অলিম্পিক। কৰনা মহামাৰীৰ বাবেই প্ৰতিযোগিতাখন অনিশ্চয়তাৰ মাজলৈ আহিছিল। যাৰ বাবে আয়োজকসকল বিপদত পৰাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছিল। কিন্তু এতিয়া আৰু প্ৰতিযোগিতাখনকলৈ বিশেষ চিন্তাৰ কাৰণ নাই। সফল ভাৱেই অনুষ্ঠিত হব বিশ্ব ক্ৰীড়াৰ সৰ্বোচ্ছ প্ৰতিযোগিতাখন।
অলিম্পিকৰ পূৰ্বে কৰনা মহামাৰীৰ সংক্ৰমণৰ মাজতে কালি অলিম্পিক আয়োজক কমিটিয়ে পৰীক্ষামূলকভাৱে অনুষ্ঠিত কৰিলে চাৰি দেশীয় এক জিমনাষ্টিকছ্ প্ৰতিযোগিতা। সফলভাৱে সামৰণি পৰা প্ৰতিযোগিতাখনত উপস্থিত আছিল কেইবা সহশ্ৰাধিক দৰ্শক।
কৰনা মহামাৰীৰ সমাজতে পৰীক্ষামূলকভাৱে অনুষ্ঠিত কৰা প্ৰতিয়োগিতাখনত আমেৰিকা, চীন, ৰাছিয়া আৰু জাপানৰ মুঠ ২২ গৰাকী জিমনাষ্টে অংশগ্ৰহণ কৰিছিল।
উল্লেখ্য যে, এদিনীয়া প্ৰতিযোগিতাখনত ভাগলোৱা জিমনাষ্টসকলে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন হৈ থাকিবলগীয়া হৈছিল।