অলিম্পিয়া প্ৰতিবেদন
সমাগত অসম যুৱ অলিম্পিক। চাৰিসহস্ৰাধিক খেলুৱৈৰ অংশগ্ৰহণৰে জীপাল হ’ব গুৱাহাটীৰ ১০ টাকৈ ভেন্যু । অসমৰ যুৱ খেলুৱৈসকলক লৈ অসম অলিম্পিক সন্থাৰ এক বৃহৎ আয়োজন ।
অহা ২৩ ৰ পৰা ২৭ জুলাইত অসম অলিম্পিক সন্থা আৰু অসম চৰকাৰে যুটীয়া ভাৱে প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে অসম যুৱ অলিম্পিক । য’ত ৰাজ্যৰ ৩৫ খন জিলাৰ প্ৰায় ৪৫০০ খেলুৱৈয়ে দাঙি ধৰিব নিজৰ ক্ৰীড়া প্ৰৰ্দশন । সৰ্বমুঠ ৩১ টা ইভেন্টৰ এই যুৱ অলিম্পিক প্ৰায় ৫০,০০০ হেজাৰ দৰ্শকে উপভোগ কৰিব পাৰিব বুলি আশা কৰিছে অসম অলিম্পিক সন্থাই । মংগলবাৰে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত এক সংবাদমেলত অসম যুৱ অলিম্পিকৰ পোষ্টাৰ আৰু টিজাৰ মুকলি কৰি এই মন্তব্য কৰিলে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে ।
গুৱাহাটীৰ মুঠ ১০ টাকৈ ভেন্যুত অনুষ্ঠিত হ’ব এই অসম যুৱ অলিম্পিক । ইয়াৰ ভিতৰত আছে পল্টন বজাৰ ছাই, দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়াম, সৰুসজাই এথলেটিকছ ষ্টেডিয়াম, এন এফ ৰেলৱে মালিগাঁও, মহম্মদ তৈয়বুল্লা হকী ষ্টেডিয়াম, সোণাপুৰৰ এল এন আই পি ই, কাহিলীপাৰা শ্বুটিং ৰেঞ্জ, চচল টেনিছ কৰ্ট, ভোগশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়াম আৰু দীঘলী পুখুৰী ।
উদ্বোধনী অনুষ্ঠান মুখৰিত হ’ব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ লগতে প্ৰতিস্থিত শিল্পীৰ গীতত । সেইদৰে সামৰণি অনুষ্ঠানো বেছ জাকজমকতাৰে অনুষ্ঠিত হ’ব । ইতিমধ্যে অসম যুৱ অলিম্পিকক লৈ আনন্দিত হৈ পৰিছে অসম গৌৰৱ লাভলীনা বৰগোঁহাই, হিমা দাস, অম্লান বৰগোঁহাইৰ দৰে ৰাজ্যৰ তাৰকা খেলুৱৈসকল । অসম অলিম্পিক সন্থাৰ ছচিয়েল মিডিয়া প্লেটফৰ্মত তেওঁলোকে দিলে শুভেচ্ছা ।
ইফালে, অহা ২৩ জুন, বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিছে অসম অলিম্পিক সন্হাই । অসম অলিম্পিক সন্থা আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ সহযোগত কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত ৰূপায়ন কৰিব কাৰ্যসূচী । প্ৰায় ১০ খন বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত হ’ব তৰ্ক প্ৰতিযোগিতা
। প্ৰতিযোগিতাৰ বিষয়– “সদনৰ মতে, বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাত অলিম্পিক আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।” লগতে, ৩০ খন মহাবিদ্যালয়ৰ অংশগ্ৰহণৰে অনুষ্ঠিত হ’ব কুইজ প্ৰতিযোগিতা । সেইদিনাই অসম অলিম্পিক সন্থা আৰু অসম চৰকাৰে যুটীয়া ভাৱে আয়োজন কৰা অসম যুৱ অলিম্পিকৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হ’ব । প্ৰথম কাৰ্যসূচী হিচাপে অসম যুৱ অলিম্পিকৰ লগো, থীম চং আৰু টি ছাৰ্ট মুকলি কৰা হ’ব ।