অলিম্পিয়া প্ৰতিবেদন
জুলাই – আগষ্টত অনুষ্ঠিত হ’ব লগা কমনৱেলথ গেমছত ভাৰতীয় বক্সিং দলক প্ৰতিনিধিত্ব কৰিব বিশ্ব চেম্পিয়নশ্বিপৰ বঁটা বিজয়ী শিৱ থাপাই । বৃহস্পতিবাৰে পাটিয়ালাত অনুষ্ঠিত ট্ৰায়েলত বিজয়ী হৈ তেওঁ এই যোগ্যতা অৰ্জন কৰে । অসম সন্তান শিৱৰ লগতে বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক জয়ী অমিত পাংঘালেও কমনৱেলথ গেমছৰ বাবে নিৰ্বাচিত হৈছে । পাটিয়ালাৰ নেতাজী সুভাষ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠানত অনুষ্ঠিত ট্ৰায়েলত দুবাৰৰ অলিম্পিয়ান গুৱাহাটীৰ বিৰুবাৰীত শিৱ থাপাই মনিষ কৌশিকক ৫-০ ব্যৱধানত পৰাস্ত কৰি নিজৰ স্থান সুৰক্ষিত কৰে । এইগৰাকী মনিষ কৌশিকৰ বিৰুদ্ধে জয়লাভ কৰিব নোৱাৰি শিৱই টকিঅ’ অলিম্পিকত খেলাৰ পৰা বঞ্চিত হৈছিল । যোৱা সপ্তাহত আইবা এথলীট কমিটিৰ সদস্য ৰূপে নিৰ্বাচিত হোৱা শিৱই ট্ৰায়েলত মনিষক সম্পূৰ্ণৰূপে পৰাভূত কৰে । ২০১৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ বিজয়ী শিৱ থাপাই কমনৱেলথ গেমছত ৬৩.৫ কেজি শাখাত আৰু অমিত পাংঘালে ৫১ কেজি শাখাত প্ৰতিদন্দিতা কৰিব । তেওঁলোকৰ লগতে আন ৬ গৰাকী বক্সাৰো ভাৰতীয় দলত আছে । তেওঁলোক হ’ল- – মহম্মদ হুচামুদ্দিন (৫৭ কেজি), ৰোহিত টকাছ (৬৭ কেজি), সুমিত (৭৫ কেজি), আশীষ কুমাৰ (৮০ কেজি), সঞ্জিৎ (৯২ কেজি) আৰু সাগৰ (৯২ কেজি ঊৰ্দ্ধৰ) ।
সমাগত কমনৱেলথ গেমছ বাৰ্মিংহামত ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’ব । বিগত ২০১৮ ৰ কমনৱেলথ গেমছৰ বক্সিঙত ভাৰতে ৯ টা পদক লাভ কৰি দ্বিতীয় স্থানত আছিল । ইয়াৰ ভিতৰত আছিল ৩ টাকৈ সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক । মহিলা বক্সাৰৰ ট্ৰায়েল অনুষ্ঠিত হ’ব অহা সপ্তাহত ।