Tuesday, October 4, 2022
HomeNewsসমাগত কে এল ৰাহুলৰ বিবাহৰ ক্ষণ

সমাগত কে এল ৰাহুলৰ বিবাহৰ ক্ষণ

সমাগত কে এল ৰাহুলৰ বিবাহৰ ক্ষণ

অলিম্পিয়া প্ৰতিবেদন:এখন হাই প্ৰফাইল বিবাহক লৈ ব্যস্ত অনুৰাগীসকল । চৰ্চাত ক্ৰিকেট তাৰকা কে এল ৰাহুল আৰু আথিয়া চেট্টিৰ বিবাহ । চলিত বৰ্ষতে আহিব পাৰে বিবাহৰ শুভ ক্ষণ ।

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটাৰ কে এল ৰাহুল আৰু বলিউডৰ ছুপাৰষ্টাৰ সুনীল চেট্টিৰ কন্যা আথিয়া চেট্টিৰ সম্পৰ্কৰ কথা বাতৰিৰ সদায় শিৰোনামত থাকে । কিছুদিন ধৰি তেওঁলোকৰ বিবাহৰ খবৰে উৎকন্ঠিত কৰি ৰাখিছে অনুৰাগীসকলক । শেহতীয়াকৈ তাৰকা যুগলৰ আহিছে এক খবৰ ।

কে এল ৰাহুলৰ বিবাহ চলিত বৰ্ষতেই অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । দুয়ো প্ৰেমিক যুগলে সুনীল চেট্টিৰ খাণ্ডালা বাংলোত বিবাহ পাশত আৱদ্ধ হোৱাৰ খবৰ ওলাইছে । ইতিমধ্যে ডিচেম্বৰৰ শেষৰফালে অথবা জানুৱাৰীৰ প্ৰথম সপ্তাহ খালী ৰাখিবলৈ ঘনিষ্ঠ সকললৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে।

এক খবৰ অনুসৰি, কে এল ৰাহুল আৰু আথিয়াই সম্পূৰ্ণ আড়ম্বৰৰ সৈতে বিলাসী বিবাহ বিচৰা নাই । ইয়াৰ বিপৰীতে, তেওঁলোকৰ পৰিয়াল, বন্ধু বৰ্গ আৰু ঘনিষ্ঠসকলৰ সৈতেহে বিবাহৰ দিনটো উদযাপন কৰিব বিচাৰে । সেইকাৰণেই হয়তো তেওঁলোকে বিয়াৰ বাবে এখন বিলাসী হোটেল নিৰ্বাচন নকৰি পিতৃ সুনীল চেট্টিৰ ফাৰ্ম হাউচতে শুভবিবাহৰ বাবে ধাৰ্য কৰিছে ।

উল্লেখযোগ্য যে, এছিয়া কাপত বৰ্তমান ব্যস্ত আছে আথিয়াৰ দৰা কে এল ৰাহুল । ক্ৰিকেটৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে দ্বিতীয় ইংনিছ আৰম্ভ কৰিব কে এল ৰাহুলে । নতুন জীৱনৰ বাবে অনুৰাগীসকলে শুভেচ্ছা দিছে তাৰকা ক্ৰিকেটাৰ জনক । সকলোৰে কামনা —- ভাৰতৰ ক্ৰিকেট দলৰ আৱেগ কে এল ৰাহুলৰ জীৱনৰ দ্বিতীয় ইনিংছে আনি দিয়ক আনন্দৰ বতৰা । ক্ৰিকেটৰ খেলপথাৰত অদমনীয় প্ৰদৰ্শনেৰে অক্ষত দুৰ্গত পৰিণত কৰক ২২ গজৰ যুঁজাৰু কে এল ৰাহুলক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 + eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments