Tuesday, October 4, 2022
HomeNewsসমাগত বৰ্ষাপাৰাত টি- ২০ আন্তৰ্জাতিক খেল । শুক্ৰবাৰৰ পৰা অললাইন যোগে মুকলি...

সমাগত বৰ্ষাপাৰাত টি- ২০ আন্তৰ্জাতিক খেল । শুক্ৰবাৰৰ পৰা অললাইন যোগে মুকলি কৰা হ’ব টিকট

অলিম্পিয়া প্ৰতিবেদন

সমাগত বৰ্ষাপাৰাত টি- ২০ আন্তৰ্জাতিক খেল । শুক্ৰবাৰৰ পৰা অললাইন যোগে মুকলি কৰা হ’ব টিকট । আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা হৈছে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ।

দুৰ্গা পূজাৰ মাজতে অহা ২ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টি -২০ মেচ । ইয়াৰ বাবে সাজু হৈ উঠিছে বিচিচিআই আৰু অসম ক্ৰিকেট সন্থা । নতুন ৰূপত সজাই তোলা হৈছে অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম । বৃহস্পতিবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত এখন সংবাদমেলত দৰ্শকৰ বাবে টিকট মুকলি কৰাৰ কথা ঘোষণা কৰিলে অসম ক্ৰিকেট সন্থাই । শুক্ৰবাৰৰ পৰা উপলব্ধ হ’ব টিকট । বৰ্ষাপাৰাত দৰ্শকৰ আসন ক্ষমতা (ছিট কেপাচিটি) হ’ল ৩৮,৬৫৪ টা, ইয়াৰে ২০,৪৮৯ টা আসন দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ’ব । অহা ১৬ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়ত ১৫,০০০ টিকট মুকলি কৰি দিয়াৰ পাছত অহা ২৬ ছেপ্তেম্বৰত দ্বিতীয় পৰ্যায়ত ৫,০০০ টিকট মুকলি মুকলি কৰি দিয়া হ’ব । ২৫ ছেপ্টেম্বৰৰ পৰা টিকটৰ হাৰ্ডকপি আৰু হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰা হ’ব ।
এই কথা সংবাদমেলত জনালে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই —

 

শিক্ষাৰ্থীৰ বাবে টিকটৰ দাম নিৰ্ধাৰণ কৰা হৈছে ৪৭৫ টকা । সাধাৰণ দৰ্শকৰ বাবে ১৫,০০ টকাৰ পৰা ৬,০০০ টকালৈ নিৰ্ধাৰণ কৰা হৈছে টিকটৰ মূল্য ।

 

প্ৰতিকুল বতৰৰ লগত মোকাবিলা কৰিবলৈ সাজু অসম ক্ৰিকেট সন্থা । আমেৰিকাৰ পৰা অনা হৈছে দুটা কভাৰ পিটছ —

 

এই আন্তৰ্জাতিক মেচখন সাফল্যমণ্ডিত কৰি তুলিবলৈ সাজু হৈ পৰিছে আৰক্ষী প্ৰশাসনৰ লগতে জিলা প্ৰশাসন ।অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও অসম ক্ৰিকেট সন্থাই কৰিছে বৈঠক —

 

উল্লেখযোগ্য যে দুয়োটা টীমে অহা ২৯ ছেপ্টেম্বৰত গুৱাহাটী আহি পোৱাৰ সম্ভাৱনা আছে । অসম তথা গুৱাহাটীবাসী ৰাইজে ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিব এখন হাই ভল্টেজ মেচ । এতিয়া আপেক্ষা মাথোন ২ অক্টোবৰলৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments