Tuesday, October 4, 2022
HomeNewsসমাপ্ত হ'ল অল আছাম স্টাইল মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ

সমাপ্ত হ’ল অল আছাম স্টাইল মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ

সমাপ্ত হ’ল অল আছাম স্টাইল মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন: কটন বিশ্ববিদ্যালয়ৰ ইনড’ৰ হলত সমৰকলা প্ৰতিযোগিতা । সমাপ্ত হ’ল অল আছাম স্টাইল মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ । তিনিশৰো অধিক খেলুৱৈৰ সমাবেশ । গুৱাহাটী অল স্পৰ্টছ গেমছ ফেডাৰেচনৰ বিশেষ উদ্যোগ ।

দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ ইনড’ৰ হলত অনুষ্ঠিত হ’ল অল আছাম স্টাইল মাৰ্ছিয়েল আৰ্টছ চেম্পিয়নশ্বিপ । ৰাজ্যৰ ৯ খন জিলাৰ প্ৰায় ৩২০ গৰাকী খেলুৱৈয়ে উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব । অংশগ্ৰহণ কৰা জিলাসমূহৰ ভিতৰত আছে — নলবাৰী, বাক্সা, দৰং, কামৰূপ, কামৰূপ মহানগৰ, নগাঁও, শোণিতপুৰ আদি । ৬ টাকৈ ইভেন্ট অনুষ্ঠিত হ’ল এই সৰ্বাংগসুন্দৰ প্ৰতিযোগিতাখনত । কাৰাটে, টাইকোৱানডো, কিক বক্সিং, জিত কুন ডো, উশ্বু আদি ইভেন্টত খেলুৱৈসকলে পদকৰ যুঁজত অৱতীৰ্ণ হ’ল । প্ৰতিযোগিতা খনৰ সন্দৰ্ভত জনালে সমৰকলাৰ প্ৰশিক্ষক তথা গ্ৰেণ্ড মাষ্টাৰ গমে থাপাই —-

ইফালে প্ৰতিযোগীসকলৰ সন্মুখত আহি আছে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা । সেই সম্পৰ্কে মন্তব্য কৰিলে গমে থাপাই —গুৱাহাটী অল স্পৰ্টছ গেমছ ফেডাৰেচনৰ উদ্যোগক শলাগিছে ক্ৰীড়া অনুৰাগীয়ে । সকলোৰে আশা —- এনে প্ৰতিযোগিতাৰ জৰিয়তে সুপ্ত প্ৰতিভাসমূহ জাগ্ৰত হৈ উঠক । দুৰ্দান্ত হৈ পৰক অসমৰ সমৰকলা খেলুৱৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments