অলিম্পিয়া প্ৰতিবেদন
এজাক ৰোল বল খেলুৱৈ ব্যস্ত ৰোল বল খেলাত । মিক্স ৰোল বল চেম্পিয়নশ্বিত শতাধিক খেলৱৈৰ অংশগ্ৰহণ । লক্ষ্য আন্তঃজিলা ৰোল বল প্ৰতিোগিতা ।
অসম ৰোলবল সন্থাৰ আদৰণীয় পদক্ষেপ । শনিবাৰৰ পৰা দিছপুৰ স্কেটিং ৰিংকত আৰম্ভ হৈছে মিক্সড ৰোল বল চেম্পিয়নশ্বিপ । প্ৰায় ৮ টাকৈ ৰোলবল ক্লাবে উজাৰি দিছে নিজৰ শ্ৰেষ্ঠত্ব । অহা জুলাইত দুলীয়াজানত অনুষ্ঠিত হ’ব আন্তঃজিলা ৰোলবল প্ৰতিযোগিতা । তাৰ প্ৰাকক্ষণত প্ৰস্তুতি মেচ হিচাপে এই টুৰ্ণামেন্টৰ আয়োজন কৰিছে অসম ৰোলবল সন্থাই । ল’ৰা- ছোৱালী উভয়ৰে অংশগ্ৰহণেৰে আয়োজন কৰা হৈছে এই মিক্সড ৰোল বল প্ৰতিটোগিতা ।এই সন্দৰ্ভত মন্তব্য কৰিছে অসম ৰোলবল সন্থাৰ কোষাধ্যক্ষ সুমন ডেকাই ,
কামৰূপ মেট্ৰৰ ৮ টাকৈ ক্লাবৰ ভিতৰত নতুনকৈ এন এফ ৰেলৱে ৰোলবল ক্লাবে অংশগ্ৰহণ কৰিছে এই টুৰ্ণামেন্টত ।
এই টুৰ্ণামেন্টক লৈ আশাবাদী অসম ৰোলবল সন্থা । নতুন ৰোলবল খেলুৱৈ সৃষ্টি হ’ব বুলি মন্তব্য কৰিছে সন্থাই ।
প্ৰস্তুতি মেচত অংশগ্ৰহণ কৰি আনন্দিত উদীয়মান প্ৰতিভা ।
ছপাইদাঙৰ পৰা আহিছে ৰোল বল খেলুৱৈ । কিশোৰী নিকিতা বড়োৱে গলকীপাৰ কৰি দলক জয়ৰ সোৱাদ দিয়া ইচ্ছা পুহি ৰাখিছে মনত ।
ক্ৰীড়া অনুৰাগীৰ আশা– -আগন্তুক আন্তঃজিলা ৰোল বল চেম্পিয়নশ্বিত এইসকল খেলুৱৈয়ে দাঙি ধৰক উন্নত প্ৰদৰ্শন । প্ৰস্তুতি মেচৰ পৰাই আৰম্ভ হওক বিজয়মুখী যাত্রা ।