Tuesday, July 5, 2022
HomeNewsসম্পত্তিৰ বাবে কবৰ খান্দি উলিওৱা হ'ব মাৰাডোনাক : পত্নী,পুত্ৰ,কন্যাৰ লগতে নিজকে মাৰাডোনাৰ...

সম্পত্তিৰ বাবে কবৰ খান্দি উলিওৱা হ’ব মাৰাডোনাক : পত্নী,পুত্ৰ,কন্যাৰ লগতে নিজকে মাৰাডোনাৰ সন্তান বুলি দাবী কৰাসকল কাষ চাপিছে আইনৰ

কবৰ খান্দি উলিওৱা হ’ব মাৰােডানাৰ মৃতেদহ। সম্পত্তিৰ যুঁজৰ বাবেই মৃত ফুটবলাৰজনক পুনৰ কবৰ খান্দি উলিয়াই অনা হ’ব। মাৰােডানাৰ মৃত্যুৰ পিছত তেওঁৰ বিশাল সম্পত্তিৰ উত্তৰাধিকাৰীসকলৰ মাজত যুঁজ আৰম্ভ হৈছে।তেওঁৰ পুত্ৰ-কন্যা, পত্নী, প্ৰাক্তন পত্নী, বান্ধৱীৰ মাজত এই যুঁজ আৰম্ভ হোৱাৰ উপৰিও নিজেক মাৰাডোনাৰ সন্তান বুলি দাবী কৰা একাংশ লোক এতিয়া আইনৰ কাষ চাপিছে। তেওঁলোকে দাবী কৰিছে মাৰাডোনাৰ মৃতদেহ কবৰ খান্দি উলিয়াই আনি DNA টেষ্ট কৰোৱা হওক। আৰ্জেণ্টিনাৰ আইন অনুসৰি এজন ব্যক্তিয়ে তেওঁৰ সম্পত্তিৰ এক তৃতীয়াংশ পত্নী-সন্তানৰ বাবে ৰখাৰ পাছত বাকী অংশ নিজ ইচ্ছামতে ভাগ কৰি দিব পাৰে। কিন্তু পত্নী-সন্তানৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ সম্পত্তি লিখি থৈ যোৱাটো বাধ্যতামূলক। সমস্যা তাতেই সৃষ্টি হৈছে। কাৰণ মাৰাডোনাই তেওৰ পত্নী-সন্তানৰ নাম উল্লেখ কৰি তেওঁলোকৰ বাবে সম্পত্তি উইল কৰিথৈ যোৱা নাই। সেয়ে সম্পত্তিৰ যুঁজখন অধিক কঠিন হৈ পৰিছে।

কোৱা হৈছে মাৰাডোনাৰ সম্পত্তিৰ পৰিমাণ একৰ পৰা চাৰি কোটি ডলাৰৰ ভিতৰত হ’ব। জীৱিত অৱস্থাত মাৰাডোনাই সুৰা আৰু সুন্দৰীৰ সংস্পৰ্শৰ বাবে বহু বন্ধুৰ পৰা বহু ধন ধাৰ কৰিছিল। যি ধাৰ পৰিশোধ কৰিবলৈ তেওঁ সক্ষম নহ’ল। মাৰাডোনাৰ এই পাহাৰসম সম্পত্তিৰ কথা জানিবলৈ পাই এতিয়া সেই বন্ধুবোৰো আইনৰ কাষ চাপিছে। ইয়াৰ উপৰিও একাংশ সাংবাদিক-ফটো সাংবাদিকেও বিভিন্ন কাৰণ দখুৱাই মাৰাডোনাৰ সম্পত্তিৰ ভাগ বিচাৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments