সলিন হ’ল ভাৰতীয় ক্ৰিকেটদলৰ জাৰ্ছী। ‘নাইকি’ৰ লগত চুক্তিৰ ম্যাদ শেষ হোৱাত বিচিচিআইয়ে নতুনকৈ চুক্তিবদ্ধ কৰিলে MPLক।এতিয়াৰে পৰা ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্ছীকে ধৰি অন্যান্য সামগ্ৰী স্পনছৰ কৰিব ফেণ্টাছী গেমৰ সৈতে জড়িত মবাইল প্ৰিমিয়াৰ লীগ চমুকৈ MPLয়ে।
চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সৈতে নাইকিৰ চুক্তিৰ ম্যাদ শেষ হৈছিল। ইয়াৰ পিছতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্ছী আৰু অন্যান্য সামগ্ৰীৰ স্পনছৰৰ বাবে নিবিদা আহ্বান কৰিছিল যদিও নাইকিয়ে বিচিচিআইৰ লগত পুনৰ চুক্তিৰ ম্যাদ বৃদ্ধী কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে। ইয়াৰ পিছতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে MPLৰ সৈতে তিনিবছৰৰ চুক্তিত স্বাক্ষৰ কৰে। এতিয়াৰে পৰা MPL য়ে ২০২২ চনৰ ডিচেম্বৰ মাহৰলৈকে ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ লগতে ভাৰতীয় A দল আৰু আনূৰ্ধ ১৯ দলৰ জাৰ্ছী আৰু অন্যান্য সামগ্ৰী স্পনছৰ কৰিব।
উল্লেখ্য যে MPL য়ে চুক্তিমতে প্ৰতিখন মেচত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক ব’ৰ্ডক প্ৰতিখন মেচৰ বাবদ দিব লাগিব ৬৫ লাখকৈ টকা।