অলিম্পিক পদক বিজয়ী ভাৰতীয় মহিলা মল্লযুঁজাৰু সাক্ষী মালিকৰ বাবে প্ৰত্যাহ্বান হিচাপে থিয় দিছে ভাৰতৰে আন এগৰাকী মল্লযুঁজাৰু। ৰিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদকপ্ৰাপ্ত সাক্ষীক টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনত পদে পদে বাধা দিছে সোণম মালিকে। ১৮ বৰ্ষীয় সোণমে শেহতীয়াকৈ সাক্ষী মালিক পুনৰ পৰাস্ত কৰিবলৈ সক্ষম হৈছে। এছিয়ান অলিম্পিক কোৱালিফাইং ইভেণ্ট আৰু চিনিয়ৰ এছিয়ান ৰেষ্টলিং চেম্পিয়নশ্বিপৰ ট্ৰায়েলত সোণমে সাক্ষীক পৰাস্ত কৰিছে। ৬২ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা কৰি সোণমে অলিম্পিক কোৱালিফাইং ইভেণ্ট আৰু চিনিয়ৰ এছিয়ান ৰেষ্টলিং চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এই প্ৰতিযোগিতাত সফলতা লাভ কৰিলেই সোণমে টকিঅ’ৰ টিকট লাভ কৰিব।
উল্লেখ্য যে অলিম্পিক কোৱালিফাইং ইভেণ্ট আৰু চিনিয়ৰ এছিয়ান ৰেষ্টলিং চেম্পিয়নশ্বিপ আগন্তুক ৯ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিলৰ ভিতৰত কাজাখিস্তানত অনুষ্ঠিত হ’ব। সোণম মালিকৰ উপৰিও প্ৰতিযোগিতাখনলৈ আৰু চাৰিগৰাকী মহিলা মল্লযুঁজাৰু নিৰ্বাচিত হৈছে।