অলিম্পিয়া প্ৰতিবেদন
অপেক্ষাৰ অন্ত; শেষ হ’ল কৰোনা ভাইৰাছৰ বিভীষিকা ! এতিয়াৰে পৰা ১০০ শতাংশ দৰ্শকৰ উপস্থিতি নিশ্চিত হ’ব ষ্টেডিয়ামত । আই পি এল-২০২২ আহি অন্তিম পৰ্যায়ত উপনীত হৈছে । অহা সপ্তাহৰ পৰা প্লে’ অফৰ মেচবোৰ অনুষ্ঠিত হ’ব । বি চি চি আইয়ে ক’ৰোনাৰ সংক্ৰমণ হ্ৰাস হোৱাৰ প্ৰতি লক্ষ্য কৰি প্লে’ অফৰ মেচত ১০০ শতাংশ দৰ্শকৰ উপস্থিতি নিশ্চিত কৰিছে ।
আনহাতে আই পি এলৰ পিছতেই অনুষ্ঠিত হ’বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকা ক্ৰিকেট শৃংখলাতো ষ্টেডিয়ামত উপস্থিত থাকিব ১০০ শতাংশ দৰ্শক । আই পি এল শেষ হোৱাৰ পিছতেই দক্ষিণ আফ্ৰিকা দলটোৱে ভাৰত ভ্ৰমণ কৰিব । এক টি-২০ শৃংখলাত অংশগ্ৰহণ কৰিবলগীয়া দক্ষিণ আফ্ৰিকাই ঘোষণা কৰিছে দলটোৰ খেলুৱৈৰ তালিকা । ৯ জুনৰ পৰা আৰম্ভ হ’বলগীয়া এই টি-২০ শৃংখলা ১৯ জুনত অন্ত পৰিব ।
৫ খন টি-২০ মেচৰ এই শৃংখলাটোৰ বাবে বি চি চি আইয়ে ইতিমধ্যে স্থান নিৰ্ধাৰণ কৰিছে । সেই অনুসৰি দিল্লী, কটক, বিশাখাপত্তনম, ৰাজকোট আৰু বেংগালুৰুত অনুষ্ঠিত হ’ব মেচ কেইখন ।
উল্লেখ্য, কোৰোনা ভাইৰাছৰ বিভীষিকাৰ বাবে এতিয়াও ষ্টেডিয়ামলৈ সম্পূৰ্ণ দৰ্শক আহিব পৰা নাই । খেল পথাৰৰ মাদকতাৰ পৰা বঞ্চিত দৰ্শকৰ বাবে আই পি এলৰ প্লে’ অফ আৰু ভাৰত-দক্ষিণ আফ্ৰিকা টি-২০ শৃংখলাত ১০০ শতাংশ দৰ্শকৰ উপস্থিতি নিশ্চিত কৰি বি চি চি আইয়ে কোৰোনা সংক্ৰমণত বিধ্বস্ত ক্ৰীড়া জগতখনৰ বাবে নিশ্চিত ভাৱে এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিছে ।