Monday, July 4, 2022
HomeNewsসামৰণি পৰিল অসম ৰাজ্যিক আন্তঃক্লাব টাইকোৱানডো চেম্পিয়নশ্বিপ

সামৰণি পৰিল অসম ৰাজ্যিক আন্তঃক্লাব টাইকোৱানডো চেম্পিয়নশ্বিপ

সামৰণি পৰিল অসম ৰাজ্যিক আন্তঃক্লাব টাইকোৱানডো চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন: সামৰণি পৰিল অসম ৰাজ্যিক আন্তঃক্লাব টাইকোৱানডো চেম্পিয়নশ্বিপ । পদক অৰ্জনৰে জিলিকিল কেইবাগৰাকীও উদীয়মান প্ৰতিভা । ডিঙিত মেডেল পিন্ধি টাইকোৱানডো খেলুৱৈৰ মুখত প্ৰাপ্তিৰ হাঁহি ।

আৰু অধিক পঢ়ক

শনিবাৰৰ পৰা গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় তিনিদিনীয়া অসম ৰাজ্যিক আন্তঃক্লাব টাইকোৱানডো চেম্পিয়নশ্বিপ । প্ৰগ্ৰেছিভ ছেল্ফ ডিফেন্স এণ্ড ফিটনেছ একাডেমীৰ উদ্যোগত আয়োজন কৰা এই টুৰ্ণামেন্টখনৰ সোমবাৰে সফল সামৰণি ঘটে । অসমৰ গাঁৱে ভূঞে সিঁচৰতি হৈ থকা প্ৰায় ৯০ টা ক্লাবৰ সহস্ৰাধিক খেলুৱৈয়ে দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলে পোমচে আৰু কায়য়ুগী ইভেন্টৰ বিভিন্ন ওজন শাখাত আজুৰি আনিলে শ্ৰেষ্ঠত্ব । জুনিয়ৰ, ছাব জুনিয়ৰ, ছিনিয়ৰ সকলো শাখাতে জিলিকিল অসমৰ নবপ্ৰতিভা । বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া অনুৰাগী তথা আই পি এছ বিষয়া ব্ৰজেন সিনহা । গাঁৱে ভূঞে সিঁচৰতি হৈ থকা খেলুৱৈসকলক লৈ এনে প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে ধন্যবাদ জনালে উদ্যোক্তাৰ লগতে অসম টাইকোৱানডো সন্থাক। আত্মসুৰক্ষাৰ বাবে এনে ইভেন্ট নিতান্তই প্ৰয়োজনীয় বুলি উল্লেখ কৰে ব্ৰজেন সিনহাই ।

দুবছৰৰ বিৰতিৰ পাছত এনে প্ৰতিযোগিতাৰ সফল সমাপ্তিৰ বাবে সমূহ ক্ৰীড়াপ্ৰেমীক অভিনন্দন জনালে অসম টাইকোৱানডো সন্থাৰ বিষয়-ববীয়াই । এনে প্ৰতিযোগিতাৰ জৰিয়তে ৰাষ্ট্ৰীয় মানৰ প্ৰতিযোগিতালৈ প্ৰস্তুতি সম্ভৱ হ’ব বুলি আশাবাদী অসম টাইকোৱানডো সন্থাৰ মুখ্য কাৰ্যবাহী সদস্য ভাস্কৰ দাস ।সমুখত আহিবলগীয়া পৰৱৰ্তী প্ৰতিযোগিতাৰ কথা উল্লেখ কৰিলে তেওঁ ।

এনে সৰ্বাংগসুন্দৰ টাইকোৱানডো প্ৰতিযোগিতাত উপস্থিত থাকিবলৈ পাই আনন্দিত মহিলা ৰেফাৰী দৰ্শনজিতা ভৰালী । আন্তঃকাব টাইকোৱানডোত অসমৰ প্ৰতিটো ক্লাবৰ সকলো পৰ্যায়ৰ খেলুৱৈয়ে অংশগ্ৰহণৰ সুবিধা পাইছে বুলি মন্তব্য কৰে তেওঁ । যাৰ জৰিয়তে গাঁৱৰ প্ৰতি প্ৰান্তত সোমাই থকা প্ৰতিগৰাকী খেলুৱৈয়ে লাভ কৰিছে এখন প্ৰতিযোগিতামূলক মঞ্চ ।

এনে সুন্দৰ টুৰ্ণামেন্ট অসমবাসীক উপহাৰ দিয়াৰ বাবে সকলোৱে ধন্যবাদ জনাইছে অসম টাইকোৱানডো সন্থাৰ লগতে প্ৰগেছিভ ছেল্ফ ডিফেন্স এণ্ড ফিটনেছ একাডেমী গুৱাহাটীক । ক্ৰীড়া অনুৰাগীৰ আশা — এনে প্ৰতিযোগিতাই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মানৰ টাইকোৱানডো খেলুৱৈ সৃষ্টিত সহায় কৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments