Tuesday, October 4, 2022
HomeNewsসামৰণি পৰিল গৱৰ্ণছ গাৰ্লছ ভলীবল মিছন ২০২২

সামৰণি পৰিল গৱৰ্ণছ গাৰ্লছ ভলীবল মিছন ২০২২

সামৰণি পৰিল গৱৰ্ণছ গাৰ্লছ ভলীবল মিছন ২০২২

অলিম্পিয়া প্ৰতিবেদন: সামৰণি পৰিল গৱৰ্ণছ গাৰ্লছ ভলীবল মিছন ২০২২ । গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত সামৰণি অনুষ্ঠান । চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে বৰপেটাই । ট্ৰফী হাতত তুলি উৎফুল্লিত হৈ পৰিল ছোৱালী ভলীবলাৰসকল ।

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ প্ৰচেষ্টাত ৰাজ্যজুৰি আৰম্ভ হৈছিল গৱৰ্ণছ ভলীবল মিছন । মুঠ ৩৩ খন জিলাত ৫৪৩৫ খন বিদ্যালয় সামৰি প্ৰায় ৫৬,২০৯ গৰাকী ছাত্ৰীক এই মিছনত প্ৰশিক্ষণ প্ৰদান কৰা হয় । এই মিছনৰ সৈতে সংযুক্ত হৈ আছিল ৰাজ্যখনৰ প্ৰায় ১৩৫০ জন প্ৰশিক্ষক । বিভিন্ন পৰ্যায় অতিক্ৰম কৰি গৱৰ্ণছ ভলীবল প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হ’ল বৰপেটা আৰু শোণিতপুৰ ।

বুধবাৰে গুৱাহাটী আৰ জি বৰুৱা ক্ৰীড়া ক্ষেত্ৰৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ল ফাইনেলৰ মহাৰণ । তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত জয়ৰ গৌৰৱ অৰ্জন কৰিলে টীম বৰপেটাই । ফাইনেলৰ মেচ উপভোগ কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে । সকলো খেলুৱৈক অভিনন্দন জনোৱাৰ লগতে ৰাজ্যপাল জনে প্ৰদান কৰিলে ট্ৰফী আৰু মেডেল ।

হাতত ট্ৰফী লৈ বিজয়ী হাঁহি বিৰিঙিল ছোৱালী ভলীবলাৰসকলৰ মুখত । গৱৰ্ণছ ভলীবল মিছনৰ ফাইনেল মেচ আৰু সামৰণি অনুষ্ঠানত উপস্থিত থাকিল প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী বিমল বৰা । ভলীবলক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত গৱৰ্ণছ ভলীবল মিছন সফল হৈছে বুলি মন্তব্য কৰিলে বিমল বৰাই ।

ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ প্ৰচেষ্টাক শলাগিলে ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্যসচিব গীতাৰ্থ গোস্বামীয়ে । গ্ৰামাঞ্চলত লুকাই থকা ছোৱালী খেলুৱৈসকল এনে মিছনৰ জৰিয়তে উপকৃত হ’ব বুলি আশাবাদী গীতাৰ্থ গোস্বামী ।

আকৌ বহু দিনৰ মূৰত ভলীবলৰ জনপ্ৰিয়তাই প্ৰত্যাৱৰ্তন কৰিছে বুলি মন্তব্য কৰিলে মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈয়ে । গৱৰ্ণছ ভলীবল মিছনক লৈ আশাবাদী মিষ্টাৰ ইণ্ডিয়া গৰাকী —

ক্ৰীড়া অনুৰাগীৰ আশা — গৱৰ্ণছ ভলীবল মিছন প্ৰতিবছৰে সাফল্যমণ্ডিতৰূপে আয়োজন কৰা হ‌ওক । এই মিছন অনুষ্ঠিত হওক প্ৰতিটো বৰ্ষত । এনে মিছনৰ আঁচলত ধৰি অসমৰ গাঁৱে ভূঞে সিঁচৰতি হৈ থকা ছোৱালী ভলীবলাৰসকল আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াঙ্গনলৈ অগ্ৰসৰ হওক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments