অলিম্পিয়াৰ প্ৰতিবেদন
ভাৰতীয় ক্ৰিকেট দলৰ ভৱিষ্যতৰ উজ্জ্বল তাৰকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত আৰু এখোজ আগুৱাই গ’ল আবেশ খান । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪ অভাৰত মাত্ৰ ১৬ ৰাণ ব্যয়ৰে ৪ টা উইকেট দখল কৰি আবেশে যেন বিশ্ববাসীক সকীয়াই দিলে- “সাৱধান, ভাৰতীয় বলিং লাইন আপক দুৰ্বল বুলি নাভাবিব । প্ৰয়োজনত খেল পথাৰত ত্ৰাস সৃষ্টি কৰিবলৈ আহি গ’লো মই ।”
মধ্যপ্ৰদেশৰ তৰুণ ক্ৰিকেটাৰ আবেশ খান । অভিজ্ঞতা তেনেই সীমিত । মাত্ৰ ৬ খন আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট মেচ খেলিছে তেওঁ । কিন্তু এই ৬ খন টি-২০ মেচ খেলিয়েই কৈ দিছে– আবেশ অতি শীঘ্ৰেই বিশ্ব ক্ৰিকেটত বেটছমেনসকলৰ মাজত এক ত্ৰাসৰ নাম হৈ পৰিব । শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে খেলা চতুৰ্থখন মেচতেই এই কথা প্ৰমাণ কৰি দিছে আবেশে ।
ৰাজকোটত অনুষ্ঠিত মেচখনত আবেশে ৪ অভাৰ বলিং কৰি মাত্ৰ ১৬ ৰাণ ব্যয় কৰিলে । বিনিময়ত লাভ কৰিলে গুৰুত্বপূৰ্ণ ৪ টাকৈ উইকেট । ইয়াৰে আকৌ মাত্ৰ এটা অভাৰতে দক্ষিণ আফ্ৰিকাৰ তিনিজনকৈ বেটছমেনক পেভিলিয়নলৈ বাট দেখুৱায় আবেশে ।
ৰাছী ফেন দাৰ ডাচেন, মাৰ্কো জান্সেন আৰু কেশব মহাৰাজ– এজনৰ পাছত আন এজনকৈ দক্ষিণ আফ্ৰিকাৰ মিডিল অৰ্ডাৰ বেটছমেনক পেভিলিয়নলৈ পঠিয়ালে আবেশে । দলটোৰ মিডল অৰ্ডাৰ আবেশৰ বলিঙৰ আগত তিষ্ঠি থাকিব নোৱাৰিলে । তাছপাতৰ দৰে খহি পৰিল দক্ষিণ আফ্ৰিকাৰ মিডল অৰ্ডাৰৰ বেটিং লাইন আপ ।
আবেশে খানেই ভাঙি দিলে দক্ষিণ আফ্ৰিকাৰ বেটিং বিভাগৰ মেৰুদণ্ড । যাৰ পৰিণতিত দক্ষিণ আফ্ৰিকাই ১৬.৫ অভাৰতে মাত্ৰ ৮৭ ৰাণ কৰিয়েই ইনিংছ সামৰিবলৈ বাধ্য হয় ।
উল্লেখ্য যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ চতুৰ্থ টি-২০ মেচত প্ৰথমে বেটিং কৰি ভাৰতে ৬ উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰে । ভাৰতীয় দলটোৰ হৈ দীনেশ কাৰ্তিক আৰু হার্দিক পাণ্ডিয়াই ৩৩ টা বলত ৮৫ ৰাণৰ অংশীদ্বায়িত্ব আগবঢ়ায় ।
সুদীৰ্ঘ সময়ৰ মূৰত দীনেশ কাৰ্তিকে ২৬ টা বলত অৰ্ধশতকীয় এক ইনিংছ উপহাৰ দিলে । মেচখনত ‘মেন অৱ দ্য মেচ’ হিচাপেও বিবেচিত হয় তে
কাৰ্তিক । ১৭০ ৰাণৰ লক্ষ্য আগত লৈ খেল পথাৰত নমা দক্ষিণ আফ্ৰিকাৰ বাবে এই স্কৰ বৰ বেছি কঠিন নাছিল যদিও ভাৰতীয় দলৰ শক্তিশালী বলিং লাইন আপৰ আগত তিষ্ঠিব নোৱাৰি দলটোৱে মাত্ৰ ৮৭ ৰাণতে সীমাবদ্ধ হৈ থাকে । ফলত ৮২ ৰাণৰ এক বিশাল ব্যৱধানত জয়লাভ কৰে ভাৰতে । ভাৰতৰ বিজয়ত আবেশ খানৰ যে এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল সেয়া অনস্বীকাৰ্য ।
উল্লেখ্যে যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে চতুৰ্থ টি-২০ মেচত জয়লাভ কৰাৰ দিনা আছিল আবেশ খানৰ পিতৃৰ জন্মদিন । দলটোৰ জয় আৰু কেৰিয়াৰৰ অন্যতম এই সফলতাৰ উপহাৰ আবেশে তেওঁৰ পিতৃলৈ আগবঢ়ায় । মেচখনৰ অন্তত আবেশ খানে কলে, ” আজি দেউতাৰ জন্মদিন । এই সফলতা মই দেউতালৈ উৎসৰ্গা কৰিছো ।”