Friday, September 30, 2022
HomeNewsসুনীল কুমাৰে লাভ কৰিলে স্বৰ্ণ

সুনীল কুমাৰে লাভ কৰিলে স্বৰ্ণ

পোন প্ৰথমবাৰৰ বাবে ৮৭ কিলো শাখাত ভাৰতৰ সুনীল কুমাৰে এছিয়ান ৰেষ্টলিং চেম্পিয়নশ্বিপৰ গ্ৰেক ৰোমানৰ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ সুনীল কুমাৰে কিৰ্গিস্তানৰ আজাট চালিদিনভক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰি ৮৭ কিলো শাখাত স্বৰ্ণ পদক দখল কৰিছে। বিগত ২৭ বছৰৰ ভিতৰত এই শাখাত স্বৰ্ণ জয় কৰা প্ৰথম খেলুৱৈ ৰূপে সুনীল কুমাৰ পৰিগণিত হৈছে।

প্ৰতিযোগিতাখনত স্বৰ্ণ পদক লাভ কৰাৰ পিছত সুনীল কুমাৰে সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাব প্ৰকাশ কৰি কয় যে ‘ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক জয় কৰি মই সুখী। মই বহু কষ্ট কৰিছো। যোৱাবছৰ মোৰ যি প্ৰদৰ্শন আছিল তাতকৈ উন্নত কৰিবলৈ মই সক্ষম হৈছো।’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments