Thursday, July 7, 2022
HomeNewsসুনীল গাভাস্কাৰক ভিক্ষাত বিচাৰিছিল পাকিস্তানে ! পেলেৰ লগত ভাৰতীয় দলে খেলিছিল ক্ৰিকেট...

সুনীল গাভাস্কাৰক ভিক্ষাত বিচাৰিছিল পাকিস্তানে ! পেলেৰ লগত ভাৰতীয় দলে খেলিছিল ক্ৰিকেট !

আপুনি আমাক গাভাস্কাৰ আৰু বিশ্বনাথক দিয়ক আমি বিশ্বকাপ জয় কৰিম ।‘- চিৰবৈৰী পাকিস্তানে এইদৰেই ভাৰতৰ কিংবদন্তী ক্ৰিকেটাৰ লিটিল মাষ্টাৰ সুনীল গাভাস্কাৰ আৰু এসময়ৰ দুৰ্দান্ত ক্ৰিকেটাৰ গুণ্ডাপা বিশ্বনাথক বিচাৰি ভিক্ষা খুজিছিল পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ জিয়া-উল-হকে ।

১৯৭৯ চনত আই চি চিয়ে অনুষ্ঠিত কৰা এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ দ্বিতীয় সংস্কৰণৰ কেইটামান মাহৰ পূৰ্বৰ কথা আছিল সেয়া । ১৯৭৮ চনত ভাৰতীয় ক্ৰিকেট দলটোৱে ৩ খন টেষ্ট আৰু ৩ খন এদিনীয়া খেলিবলৈ পাকিস্তান ভ্ৰমণ কৰিছিল । ১৬ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ প্ৰথমখন টেষ্ট, ২৭ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ দ্বিতীয়খন টেষ্ট আৰু ১৪ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ তৃতীয়খন টেষ্ট অনুষ্ঠিত হৈছিল ।

তিনিখন টেষ্ট মেচৰ ভিতৰত শৃংখলাৰ প্ৰথমখন মেচ ড্ৰ’ আৰু বাকী দুখন মেচত ভাৰতে পাকিস্তানৰ হাতত পৰাজিত হ’বলৈ বাধ্য হৈছিল । ভাৰতৰ হৈ সেই টেষ্ট শৃংখলাত সৰ্বাধিক ৰাণ কৰিছিল লিটিল মাষ্টাৰ সুনীল গাভাস্কাৰে । তেওঁৰ বেটৰ পৰা সৰ্বাধিক ৪৪৭ ৰাণ আহিছিল ।

আনহাতে তিনিখন এদিনীয়া শৃংখলাৰ প্ৰথমখনে মেচ ১ অক্টোবৰত, দ্বিতীয়খন মেচ ১৩ অক্টোবৰ আৰু শৃংখলাৰ অন্তিম তথা তৃতীয়খন মেচ ৩ নৱেম্বৰত অনুষ্ঠিত হৈছিল। প্ৰথমখন এদিনীয়াত ভাৰতে ৪ ৰাণত জয়লাভ কৰিছিল যদিও বাকী দুখনত পৰাজিত হৈছিল ।

সেই ভ্ৰমণৰ সময়ত পাকিস্তানৰ ক্ৰিকেটাৰে দলৰ জয়ৰ ক্ষেত্ৰত যিমান ভূমিকা লৈছিল সিমানেই ভূমিকা লৈছিল আম্পায়াৰে । যেন পাকিস্তানক জয় কৰাবলৈয়ে খেলপথাৰত থিয় হৈ আছিল আম্পায়াৰদ্বয় । এক কথাত ক্ৰিকেট প্ৰতিভাৰে নহয় বক্ৰ পথেৰে ভাৰতক হৰুৱাই নিৰ্লজ্জ আনন্দত মতলীয়া হৈছিল পাকিস্তান ।
এই ভ্ৰমণৰ মাজতে পাকিস্তানত হোৱা এক ক্ৰিকেট পাৰ্টিত তেতিয়াৰ পি চি বিৰ অধ্যক্ষ জিয়া-উল-হকে বিশ্বকাপ জয়ৰ বাবে ভাৰতৰ লিটল মাষ্টাৰ সুনীল গাভাস্কাৰ আৰু গুণ্ডাপা বিশ্বনাথক পাকিস্তানৰ হৈ খেলিবলৈ বিচাৰিছিল । জিয়া-উল-হকৰ এই ভিক্ষাৰ পিছতেই যেন ভাৰতীয় ক্ৰিকেটাৰে খেলপথাৰত কৰা অন্যায়ৰ বিৰুদ্ধে এক উচিত প্ৰত্যুত্তৰ দিয়াৰ সুযোগ লাভ কৰিলে ।
জিয়া-উল-হকৰ কথা শেষ হোৱাৰ লগে লগে ভাৰতীয় ক্ৰিকেটাৰ এজনে মাত দিলে, “আপোনালোকে আমাক দুজন আম্পায়াৰ দিয়ক আমি সহজতেই বিশ্বকাপ জয় কৰিম ।” পাকিস্তানে খেলপথাৰত কৰা অন্যায়ৰ এইদৰেই উচিত প্ৰত্যুত্তৰ দিছিল ভাৰতীয় ক্ৰিকেটাৰে ।

১৯৭৭-৭৮ চনৰ কথা । সেইবাৰ ভাৰতীয় ক্ৰিকেট দলটোৱে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল । কেংগাৰু বাহিনীৰ মাটিত ভাৰতৰ বিজয় একেবাৰে অসম্ভৱ আছিল । তথাপিও ভাৰতীয় দলে হাৰ মনা নাছিল । এখন মেচত অষ্ট্ৰেলিয়াৰ বেটছমেন তথা অধিনায়ক ববি ছিম্পছনে ভাৰতৰ বিজয়ৰ আশা নিৰ্বাপিত কৰাত মুখ্য ভূমিকা লৈছিল ।

মেচখনত ভাৰতীয় বলাৰৰ সন্মুখত ববি ছিম্পছনে এক দেৱাল হিচাপে থিয় দিছিল । তেওঁ বাৰে বাৰে ভাৰতীয় বলাৰৰ বলবোৰ ৰোধ কৰিবলৈ পেড পৰিধান কৰি থকা ভৰিখন আগুৱাই দিছিল । ভাৰতীয় স্পীনাৰসকলে বল দিলেই তেওঁ পেড পৰিহিত ভৰিখন আগুৱাই দি প্ৰতিটো বল প্ৰতিহত কৰিছিল ।

এটা অভাৰৰ ৫ টাকৈ বল তেওঁ কেৱল পেডৰ জৰিয়তে ৰখাই দিছিল । তেনে সময়তে বল কৰিবলৈ আহিছিল দিলীপ ভেংচৰকাৰ । ববিৰ এনে কাৰ্যত তেওঁ যথেষ্ট বিমোৰত পৰিছিল । ববিৰ এই কাৰ্য দেখি শ্লিপত থিয় হৈ থকা এজন ভাৰতীয় ক্ৰিকেটাৰে মাৰাঠিতে চিঞঁৰি দিলে- “পেলে আলা, পেলে আলা ।”

সেই সময়ত পেলে বিশ্ব ফুটবলত এক ধুমুহাৰ নাম আছিল । পেলে হৈ পৰিছিল কিংবদন্তী । তেওঁক স্তব্ধ কৰাটো এক প্ৰকাৰে হৈ পৰিছিল অসম্ভৱ । অপ্ৰতিৰোধ্য আছিল পেলে । পেলেৰ ভৰিৰ মাজৰ পৰা বল কাঢ়ি নিবলৈ কাৰো সাধ্য নাছিল । সেয়েহে ভাৰতীয় ক্ৰিকেটাৰে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰজনে বাৰে বাৰে ভৰিৰে বল প্ৰতিৰোধ কৰাৰ বাবে তেওঁক পেলেৰ লগত তুলনা কৰি খেল পথাৰৰ মাজতে এক শিক্ষা দিছিল ।

ভাৰতীয় ক্ৰিকেটাৰ আৰু ভাৰতীয় দলৰ লগত হোৱা এনে কিছুমান অকথিত কাহিনী শেহতীয়াকৈ গ্ৰন্থ আকাৰে প্ৰকাশ পাইছে । এই ঘটনাবোৰ সুশীল দোশীৰ দ্বাৰা সম্পাদিত এখন গ্ৰন্থত লিপিবদ্ধ হৈছে । ‘বুক অফ ৱ’ৰ্ল্ড কাপ ক্ৰিকেট টি-২০, ২০০৭-২০২১’ নামৰ এই গ্ৰন্থখন বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মুকলি কৰিছে ।

এনেধৰণৰ বহু অকথিত কাহিনীৰ উপৰি গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে টি-২০ বিশ্বকাপৰ সকলো খেলৰ ১৬ খন ৰঙীন ছবি, ৯ টা প্ৰবন্ধ । কিতাপখনত ক্ৰিকেটৰ বহু আকৰ্ষণীয় কাহিনীও আছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments