Friday, September 30, 2022
HomeNewsসুনীল ছেত্ৰী নেতৃত্বাধীন বেংগালুৰু এফ চিক মালদ্বীপ ত্যাগৰ নিৰ্দেশ

সুনীল ছেত্ৰী নেতৃত্বাধীন বেংগালুৰু এফ চিক মালদ্বীপ ত্যাগৰ নিৰ্দেশ

১১ মে’ত মালদ্বীপত ফুটবল ক্লাব বেংগালুৰু এফ চি আৰু ঈগলছ এফ চিৰ মাজত অনুষ্ঠিত হ’বলগীয়া এএফচি কাপ প্লে অফ খেল সংকটৰ গৰাহত। মালদ্বীপৰ ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে অভিজ্ঞ ফুটবলাৰ সুনীল ছেত্ৰীৰ নেতৃত্বৰ বেংগালুৰু এফ চিক দেশখন ত্যাগ কৰিবলৈ কৈছে। দলটোৰ বিৰুদ্ধে কোভিড-১৯ নিয়ম ভংগ কৰাৰ অভিযোগ উঠিছে। যাৰ বাবে দলটোৰ স্বত্বাধিকাৰী তথা প্ৰখ্যাত ব্যৱসায়ী পাৰ্থ জিন্দালে টুইট যোগে সমগ্ৰ ঘটনাৰ বাবে ক্ষমা বিচাৰিছে।

বিএফচিৰ দ্বাৰা ক’ভিড-১৯ ৰ নিয়ম ভংগৰ প্ৰকৃত কাৰণ জানিবলৈ পৰা নাই যদিও দেশখনৰ ক্ৰীড়া মন্ত্ৰী আহমেদ মাহলুফে টুইটাৰত ঘটনাটোক “অগ্ৰহণযোগ্য আচৰণ” বুলি অভিহিত কৰিছে। ভাৰতীয় অধিনায়ক সুনীল ছেত্ৰীৰ নেতৃত্বত বেংগালুৰু দলটো শুকুৰবাৰে মালদ্বীপত উপস্থিত হয়। “বেংগালুৰু এফ চিৰ অগ্ৰহণযোগ্য আচৰণে স্বাস্থ্য প্ৰতিৰক্ষা সংস্থা আৰু এএফচি (এছিয়ান ফুটবল ফেডাৰেচন)ৰ কঠোৰ নিৰ্দেশনা উলংঘা কৰিছে,” মাহলুফে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এইদৰে লিখিছে। আনহাতে দলটোৰ স্বত্বধিকাৰী পাৰ্থ জিন্দলে টুইটাৰত কয়, “তিনিজন খেলুৱৈ/কৰ্মচাৰীৰ দ্বাৰা নিয়ম ভংগ হোৱাৰ বাবে মই লজ্জিত।

মাহলুফে লিখিছিল, “আমি মালদ্বীপ ফুটবল এছ’চিয়েশ্যনক জনাইছো যে আমি খেলখন আয়োজন কৰিব নোৱাৰো আৰু বেংগালুৰু এফ চিক দেশৰ পৰা প্ৰস্থানৰ বাবে প্ৰস্তুতি চলাবলৈ কৈছো। গ্ৰুপ পৰ্যায়ৰ প্ৰতিযোগিতা স্থগিত ৰাখিবলৈ আমি মালদ্বীপ ফুটবল এছ’চিয়েচনৰ জৰিয়তে এএফচিৰ সৈতে কথা পাতিম।” মনকৰিবলগীয়া যে মালদ্বীপে প্লে-অফ মেচৰ বাহিৰে গ্ৰুপ ডিৰ সকলো মেচ আয়োজন কৰিব লাগিব কিয়নো এএফচিয়ে কোভিড-19 মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সকলো বোৰ মেচ একেস্থানতে অনুষ্ঠিত কৰিব বিচাৰিছে।

মাহলুফৰ এই টুইটৰ পিছত, গ্ৰুপ ডিৰ সকলো মেচৰ প্ৰতিও অনিশ্চয়তা আহি পৰিছে। ইফালে এটিকে মোহন বাগানে আগন্তুক ১৪ মে’ত প্ৰথমখন খেলত বিএফচি আৰু ঈগলছৰ মাজত অনুষ্ঠিত হোৱা প্লে-অফৰ বিজয়ীৰ সৈতে যুঁজিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments