Friday, September 30, 2022
HomeNewsসুব্ৰত কাপত জয়েৰে অভিযান আৰম্ভ অসমৰ ছোৱালী দলৰ

সুব্ৰত কাপত জয়েৰে অভিযান আৰম্ভ অসমৰ ছোৱালী দলৰ

সুব্ৰত কাপত জয়েৰে অভিযান আৰম্ভ অসমৰ ছোৱালী দলৰ,
অসম ৩, গুজৰাট ০

অলিম্পিয়া প্ৰতিবেদন: সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল টুৰ্ণামেণ্টৰ ছোৱালীৰ ১৭ বছৰ অনূৰ্দ্ধ শাখাত অসমে জয়েৰে অভিযান আৰম্ভ কৰিছে ৷ সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় ছোৱালীৰ ফুটবল টুৰ্ণামেণ্টত অসমে ৩-০ গ’লত পৰাস্ত কৰে গুজৰাট দলক ৷ ডিব্ৰুগড় জিলাৰ খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয় দলে অসমক প্ৰতিনিধিত্ব কৰে ৷ অসমৰ হৈ জানমনি পাংগিঙে ৩১ আৰু ৪৫ মিনিটত ২ টা গ’ল দিয়াৰ উপৰি ৰাজশ্ৰী সোণোৱালে ৪০ মিনিটত আনটো গ’ল দি ব্যৱধান বৃদ্ধি কৰে ৷

অসম দলৰ বিৰুদ্ধে গুজৰাটৰ খেলুৱৈসকলে বিশেষ কোনো ধৰণৰ প্ৰত্যাহ্বান জনাৱ নোৱাৰিলে ৷ মঙলবাৰে পুলৰ দ্বিতীয় মেচত অসমে চি বি এছ ই দলক ৮-০ গ’লত বিধ্বস্ত কৰে । সম্পূৰ্ণ একপক্ষীয় মেচখনত অসমৰ জানমনি পাংগিঙে ৪ গ’ল স্কোৰ কৰি নিজস্ব দ্বিতীয় টো হেটট্ৰিক কৰে । এটাকৈ গ’ল দিয়ে তৰালী মিলি, মেৰী মেচ, হিমাশ্ৰী গগৈ আৰু ৰাজশ্ৰী সোণোৱালে । টুৰ্ণামেণ্টৰ পুল ‘জি’ত স্থান লাভ কৰা অসমৰ লগতে আছে গুজৰাট, চি বি এছ ই আৰু টেলেংগানা । বুধবাৰে অসমে পুলৰ চতুৰ্থটো দল টেলেংগানাৰ বিৰুদ্ধে খেলিব । অসম দলৰ প্ৰশিক্ষক মঞ্জু চলিহা আৰু মেনেজাৰৰ দায়িত্বত আছে খোৱাঙৰ চিৰঞ্জিতা স্পৰ্টছ স্কুলৰ গুৰি ধৰোঁতা মৃদুল হাজৰিকা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments